চিইএটিয়ে লাভ কৰিলে সন্মানীয় ডেমিং গ্ৰেণ্ড প্ৰাইজ ২০২৩

ভাৰতৰ আগশাৰীৰ টায়াৰ নিৰ্মাতা প্ৰতিষ্ঠান চিইএটি লিমিটেডে ডেমিং গ্ৰেণ্ড বঁটা লাভ কৰি ২০২৩ চনত এই বিৰল সন্মান লাভ কৰা বিশ্বৰ প্ৰথমটো টায়াৰ ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। ১৫ বছৰতকৈও অধিক সময় ধৰি টোটেল কোৱালিটী মেনেজমেণ্ট (টিকিউএম) যাত্ৰাৰ অভিজ্ঞতাৰে পুষ্ট চিইএটিয়ে ২০১৭ চনত জাপানৰ বাহিৰৰ প্ৰথমটো টায়াৰ প্ৰতিষ্ঠান হিচাপে সন্মানীয় ডেমিং বঁটা লাভ কৰিছে।

১৯৬৯ চনত ডেমিং গ্ৰেণ্ডক প্ৰতিষ্ঠানিক ৰূপ দিয়া হৈছিল আৰু ই ইউনিয়ন অৱ জাপানীজ চাইণ্টিষ্ট এণ্ড ইঞ্জিনিয়াৰে (জেইউএছই) সৰ্বমুঠ গুণগত ব্যৱস্থাপনা (টিকিউএম)ৰ উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা দীৰ্ঘদিনীয়া গুণগত বঁটাসমূহৰ ভিতৰত অন্যতম। এই সন্মান লাভ কৰা বিশ্বৰ মাত্ৰ ৩৩টা প্ৰতিষ্ঠানৰ ভিতৰত চিইএটি অন্যতম আৰু বিশ্বব্যাপী মঞ্চত একমাত্ৰ টায়াৰ ব্ৰেণ্ড।

এই বিষয়ে চিইএটি লিমিটেডৰ উপাধ্যক্ষ অনন্ত গোৱেংকাই কয় যে, “ এই কৃতিত্বই আমাক গুণগত মান আৰু গ্ৰাহকৰ সন্তুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমগ্ৰ পৃথিৱীতে টায়াৰ নিৰ্মাণ উদ্যোগত আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *