চিআইআই এক্সকন ২০২৩ত নিজৰ উচ্চ-শক্তি, ইন্ধন-দক্ষ আৰু নিম্নৰ পৰা শূন্য-নিৰ্গমন শক্তি সমাধান পৰ্টফলিঅ’ উপস্থাপন কামিন্সৰ

ভাৰতৰ অন্যতম আগশাৰীৰ শক্তি সমাধান প্ৰযুক্তি প্ৰদানকাৰী প্ৰতিষ্ঠান কামিন্স (“কামিন্স”) গ্ৰুপে অফ-হাইৱেৰ বাবে ডিজাইন কৰা পৰৱৰ্তী প্ৰজন্মৰ মেক ইন ইণ্ডিয়া অৰ্থাৎ ভাৰততে প্ৰস্তুত ইন্ধন-অজ্ঞেয়বাদী(এগনষ্টিক), বহনক্ষম আৰু শক্তিশালী ইঞ্জিন সমাধানসমূহ বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী কেন্দ্ৰ(বিআইইচি)ত অনুষ্ঠিত হ’ব লগা চিআইআই এক্সকন ২০২৩ত প্ৰদৰ্শন কৰিব। এই চিআইআই এক্সকন ২০২৩ত লিজেণ্ড এল১০ আৰু এম১৫ ইঞ্জিনসমূহ প্ৰদৰ্শন কৰা হ’ব, যিয়ে বৰ্ধিত ইন্ধন অৰ্থনীতি, অধিক শক্তি ঘনত্ব আৰু বহল প্ৰয়োগ(এপ্লিকেচন) ছেগমেণ্ট প্ৰদান কৰে।

 কোম্পানীটোৱে শূন্য কাৰ্বন-ডাই-অক্সাইড নিৰ্গমন থকা হাইড্ৰজেন আভ্যন্তৰীণ কম্বাষ্টন ইঞ্জিন (এইচ২আইচিই) প্ৰৱৰ্তন কৰিছে, যিয়ে পৰিষ্কাৰ ডিজেল, নবীকৰণযোগ্য ইন্ধন আৰু সেউজ হাইড্ৰজেনৰ বাবে ইন্ধন-অজ্ঞেয়বাদী ইঞ্জিনৰ ক্ষমতা প্ৰদান কৰে। ইয়াৰ উপৰিও ই ভাৰতীয় বজাৰৰ বাবে প্ৰস্তুত কৰা থলুৱা সামগ্ৰীসমূহ প্ৰদান কৰে, যিবোৰ নিৰ্ভৰযোগ্য আফটাৰমাৰ্কেট নেটৱৰ্কৰ দ্বাৰা সমৰ্থিত।

এক্সকন ২০২৩ত কামিন্সৰ অংশগ্ৰহণ সন্দৰ্ভত ভাষণ প্ৰদান কৰি ভাৰতৰ কামিন্স গ্ৰুপৰ মুখ্য পৰিচালন বিষয়া অঞ্জলি পাণ্ডেই কয় যে, “আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ পৰিৱেশত নিৰৱচ্ছিন্নভাৱে কাম কৰাৰ বাবে প্ৰস্তুত কৰা বহনক্ষম আৰু স্থিতিস্থাপক সামগ্ৰী বিতৰণৰ জৰিয়তে আমি উদ্ভাৱন আৰু নিৰ্ভৰযোগ্যতাৰ ক্ষেত্ৰত আমাৰ ব্ৰেণ্ড প্ৰতিশ্ৰুতি বজাই ৰখাৰ বাবে সকলো সময়তে সমৰ্পিত হৈ আছোঁ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *