চাঞ্চল্যকৰ! স্বামীক ছুৰীকাঘাত কৰি হত্যা কৰি থানাত আত্মসমৰ্পণ পত্নীৰ…

ৰাজ্যত আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

বুধবাৰে শিলচৰত স্বামীক ছুৰীকাঘাত কৰি হত্যা এগৰাকী মহিলাৰ।

শিলচৰৰ কবিউৰা মেহেৰপুৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা।

হত্যাকাণ্ড সংঘটিত কৰি আত্মসমৰ্পণ কৰিবলৈ শিলচৰ আৰক্ষী থানাত উপস্থিত হত্যাকাৰী মহিলাগৰাকী।

শিলচৰ আৰক্ষীয়ে দোষীক ভুক্তভোগীৰ পত্নী মাপ্পী বেগম বুলি চিনাক্ত কৰিছে।

ইফালে, ছুৰীৰে আঘাত কৰি হত্যা কৰা স্বামীৰ নাম ফাৰ্মিন উদ্দিন লস্কৰ।

স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ বাবেই এই হত্যাকাণ্ড সংঘটিত কৰে মহিলাগৰাকীয়ে।

এই সন্দৰ্ভত অধিক তদন্ত আৰম্ভ কৰিছে শিলচৰ আৰক্ষীয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *