মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।
স্বামী আৰু শাহুৱেকক হত্যা কৰাৰ অভিযোগ বোৱাৰীৰ বিৰুদ্ধে।
দুয়োৰে মৃতদেহ টুকুৰা টুকুৰকৈ কাটি মেঘালয়ৰ কোনো ঠাইত পেলাই দিয়াৰ অভিযোগ বন্দনা কলিতা নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে।
নিহত মাতৃ-পুত্ৰ হালৰ পৰিচয় শংকৰী দে আৰু অমৰজ্যোতি দে।
খবৰ অনুসৰি বিগত বৰ্ষৰ আগষ্ট মাহত মৃত অমৰজ্যোতি দে’ৰ ককায়েকে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰাত অসম আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰিছিল।
অৱশ্যে বন্দনা কলিতাক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়াৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
এই গোচৰৰ সন্দৰ্ভত অৰূপ ডেকা আৰু ধনজিৎ ডেকা নামৰ আৰু দুজন লোকক আটক কৰা হৈছে।
আৰক্ষী বিষয়াসকলৰ মতে, এই অপৰাধৰ আঁৰৰ কাৰণ হৈছে বিবাহ বহিৰ্ভূত প্ৰেম আৰু সম্পত্তি।