চাঞ্চল্যকৰ! মোবাইল চাবলৈ মানা কৰাৰ বাবেই অন্তসত্বা পত্নীৰ ওপৰত তিনি জাঁই গুলীচালনা আৰক্ষী বিষয়াৰ…

উত্তৰ প্ৰদেশৰ ঝাঁচীত এজন উপ-পৰিদৰ্শকে নিজৰ গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে তিনিবাৰকৈ গুলীচালনা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাত গুৰুতৰভাৱে আহত হয় পত্নী শালিনী মিশ্ৰ। পত্নী শালিনী মিশ্ৰৰ হাতৰ মাজেৰে দুটা গুলী যোৱাৰ লগতে পেটত এটা গুলীয়ে আঘাত কৰে। ইয়াৰ পিছতে উপ-পৰিদৰ্শকজনে সংকটজনক অৱস্থাত ঝাঁচী চিকিৎসা মহাবিদ্যালয়ত পত্নীক ভৰ্তি কৰাই তাৰ পৰা পলায়ন কৰে। পৰিদৰ্শকৰ এই কাৰ্যই আলোড়নৰ সৃষ্টি কৰিছে আৰক্ষী বিভাগত।

মাত্ৰ ২ বছৰ পূৰ্বে সম্পন্ন হৈছিল বিবাহ

উলদান থানাৰ বাংৰা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া শশাংক মিশ্ৰৰ সৈতে দুবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল শালিনী মিশ্ৰ। তেওঁলোক বৰ্তমান বাস কৰি আছিল ঝাঁচীৰ এটা ভাড়াঘৰত। পিতৃ-মাতৃৰ মতে, দুয়োৰে বিবাহৰ বাবে প্ৰায় ৪০ লাখ টকা খৰচ কৰা হৈছিল। বিয়াৰ পিছতো শশাংকই অতিৰিক্ত যৌতুক দাবী কৰি পত্নীৰ ওপৰত অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। দুয়োৰে মাজত ক্ৰমে আৰম্ভ হোৱা বিবাদৰ পৰিণতিতে দেওবাৰে নিশা কোনো এটা বিষয়ক লৈ শশাংকই পত্নীক চৰকাৰী পিষ্টলেৰে তিনিবাৰকৈ গুলীচালনা কৰি গুৰুতৰভাৱে আহত কৰে।

প্ৰাণ বচাবলৈ চুবুৰীয়াক কাতৰ আহ্বান শালিনীৰ

শালিনীৰ মতে, শশাংকই ভাতৃ আৰু মাকক লগ কৰিবলৈ ঝাঁচীলৈ গৈছিল। তাৰ পৰাই নিশা প্ৰায় ১১.৩০ বজাত বাংৰালৈ উভতি আহি ফোনটো ব্যৱহাৰ কৰিবলৈ ধৰে। গৰ্ভৱতী পত্নীয়ে বাধা দিয়াৰ লগে লগে তেওঁ আলমাৰীৰ পৰা চৰকাৰী পিষ্টল এটা উলিয়াই তিনি জাঁই গুলীচালনা কৰে। যাৰ ফলত শালিনী গুৰুতৰভাৱে আহত হয়। কিন্তু গুলীৰে শৰীৰ বিদ্ধ কৰাৰ পিছতো প্ৰাণৰ মমতাত শালিনীয়ে ঘৰৰ পৰা দৌৰি পলায়ন কৰি চুবুৰীয়াৰ পৰা সহায় বিচাৰে। বৰ্তমান তেওঁ ঝাঁচীৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *