বিমানৰ শৌচাগাৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকা মূল্যৰ সোণৰ দণ্ড। দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এখন বিমানৰ ভিতৰৰ পৰা উদ্ধাৰ হয় চাৰিটা সোণৰ দণ্ড।
জানিব পৰা মতে, এই বিমানখন আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা উভয় উৰণৰ বাবে ব্যৱহাৰ কৰা হৈছিল। শুল্ক বিভাগৰ বিষয়াসকলে বিশেষ সূত্ৰৰ জৰিয়তে লুকুৱাই ৰখা সোণৰ তথ্য লাভ কৰে।
একেৰাহে দুখনকৈ আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা বিমান সেৱা সম্পূৰ্ণ কৰি দিল্লী বিমানবন্দৰত উপস্থিত হয় বিমানখন। বিশেষ সূত্ৰৰ জৰিয়তে তথ্য লাভ কৰাৰ পিছত শুল্ক বিভাগৰ বিষয়াসকলে বিমানখনত তালাচী আৰম্ভ কৰে। তেতিয়াই তেওঁলোকে টয়লেটৰ বেচিনৰ তলত ধূসৰ ৰঙৰ বেগ এটা ধৰা পেলায়।
শুল্ক বিভাগে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি এই সোণ লুকুৱাই ৰখাৰ খবৰ বিমানবন্দৰত কৰ্মৰত শুল্ক বিভাগৰ কৰ্মচাৰীৰ পৰাই জানিব পৰা গৈছে। ইয়াৰ পিছত বিমানখনৰ পৰা নামি যাত্ৰীসকলক তালাচী চলোৱা হয়। বিমানখনৰ পৰা উদ্ধাৰ হোৱা সোণৰ পৰিমাণ ৩৯৬৯ গ্ৰাম। এই সোণৰ মূল্য প্ৰায় ১ কোটি ৯৫ লাখ।
শুল্ক বিভাগৰ নিয়ম অনুসৰি আপাততঃ জব্দ কৰা হৈছে সোণখিনি। বিমানখনৰ শৌচাগাৰত কেনেকৈ ইমান সোণ আহিল সেই সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে।