চনী AATH-এ আৰম্ভ কৰিছে ‘কলপপুৰেৰ গল্প’, যি হৈছে এক অৰিজিনেল এনিমেচন শ্ব’

চনী AATH-এ ‘কলপপুৰেৰ গল্প’ শীৰ্ষক এক পাৰিবাৰিক এনিমেচন শ্ব’ সম্প্ৰচাৰ কৰিছে, যিয়ে মা কালীৰ এজন ভক্ত আৰু পৰিশ্ৰমী কৃষক কানাইৰ কাহিনী চিত্ৰায়িত কৰা হৈছে। সপ্তদশ শতিকাৰ শেষভাগৰ বংগৰ এখন সৰু গাঁও কলপপুৰত এজন সাধাৰণ মানুহৰ সংস্কৃতি, আৱেগ আৰু দৈনন্দিন জীৱনক দেখুওৱা হৈছে এই অনুষ্ঠানত।

সামন্তবাদৰ সময়ত বংগৰ এখন সৰু কাল্পনিক গাঁৱৰ কাহিনী চিত্ৰায়িত কৰা এই অনুষ্ঠানৰ নাম ৰখা হৈছে কলপপুৰেৰ গল্প। মা কালীৰ ভক্ত আৰু খেতিয়ক কানাইক জমিদাৰ দ্বৰ্পনাৰায়ণে প্ৰায়ে অশান্তিৰ সৃষ্টি কৰিছিল যদিও তেওঁ নিজৰ বিশ্বাস আৰু সততাৰে এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সক্ষম হয়। জমিদাৰী ব্যৱস্থাৰ বাবে কৃষক শ্ৰেণীয়ে সন্মুখীন হোৱা অৱস্থা আৰু কষ্ট বৰ্ণনা কৰা হৈছে এই অনুষ্ঠানত।

চনী পিকচাৰ্ছ নেটৱৰ্কছ ইণ্ডিয়া তথা ইংৰাজী ক্লাষ্টাৰ আৰু চনী AATHৰ মুখ্য বিপণন বিষয়া আৰু বিজনেছ হেড তুষাৰ শ্বাহে এই অনুষ্ঠান সন্দৰ্ভত উল্লেখ যে, “আমি নিশ্চিত যে দৈনন্দিন জীৱনযাত্ৰাৰ ওপৰত প্ৰাধান্য লাভ কৰা গুণী নায়কজনে আমাৰ দৰ্শকৰ মাজত আৱেগিক সম্পৰ্ক গঢ়ি তুলিব।” চনী AATH-এ ইয়াৰ  ছ’চিয়েল মিডিয়া পেজত  কলপপুৰেৰ গল্পৰ ডিজিটেল প্ৰচাৰ কৰি আছে, যিটো শিশু আৰু প্ৰাপ্তবয়স্কৰ মাজত জনপ্ৰিয় হ’ব বুলি নিশ্চিত। ২৮ মে’ৰ দুপৰীয়া ১২:৩০ বজাত কলপপুৰেৰ গল্পৰ প্ৰিমিয়াৰ হৈ যায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *