নাজিৰাত নিজৰ ঘৰুৱা সহায়কিকাক শাৰীৰিক অত্যাচাৰৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) শুভলক্ষ্মী দত্তক। বুধবাৰে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ নিৰ্দেশত নিলম্বন কৰা হয় আৰক্ষী বিষয়াগৰাকীক।
ইয়াৰ পূৰ্বে অভিযোগৰ এজাহাৰ দাখিলৰ পিছত শুভলক্ষ্মী দত্তক ৰিজাৰ্ভ ক্ল’জ কৰিছিল বিভাগে।
উল্লেখ্য যে, যোৱা ২৬ আগষ্টত সংঘটিত হৈছিল এই ঘটনা। শিৱসাগৰ জিলাৰ নাজিৰাত অনিমা প্ৰজা নামৰ ঘৰুৱা সহায়িকাগৰাকীৰ ওপৰত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই শাৰীৰিক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।
নাজিৰাৰ আদৰ্শ থানাত ঘৰুৱা সহায়িকাগৰাকীয়ে দাখিল কৰা এজাহাৰ অনুসৰি, তেওঁৰ গাত উতলা গৰম পানী ঢালি বাথৰুমৰ ভিতৰত বন্ধ কৰি শাস্তি প্ৰদান কৰিছিল আৰক্ষী বিষয়াগৰাকীয়ে।