গ্ৰীচত দুখন ৰে’লৰ ভয়ংকৰ সংঘৰ্ষত কমেও ৩৬ জন নিহত…

এখন মালবাহী আৰু এখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘটিত প্ৰচণ্ড সংঘৰ্ষই অকাল মৃত্যু মাতি আনিলে ৩৬ জন যাত্ৰীলৈ।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে গ্ৰীচৰ লাৰিছা চহৰত।

ইফালে দুয়োখন ৰে’লৰ সংঘৰ্ষৰ পিছতে সংঘটিত হোৱা অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হয় আন বহু যাত্ৰী।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

আহত সকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

জানিব পৰা মতে, যাত্ৰীবাহী ৰে’লখন ৰাজধানী এথেন্সৰ পৰা উত্তৰ গ্ৰীচৰ থেছালনিক চহৰলৈ গৈ থকা সময়ত লাৰিছা চহৰৰ সমীপৰ সুংৰগ পথৰ পৰা ওলাই অহাৰ সময়তে মালবাহী ৰে’লখনৰ সৈতে সংঘৰ্ষ ঘটে।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পিছতে কৰ্তব্যত গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী ৰে’ল বিষয়াক।

অন্যহাতে ভয়ংকৰ দুৰ্ঘটনাত নিহত সকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে গ্ৰীচ চৰকাৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *