গ্লেনমাৰ্ক ফাৰ্মাচিউটিকেলছ লিমিটেডে ভাৰতত প্ৰথম ট্ৰিপল-ড্ৰাগ ফিক্সড-ড’জ মিশ্ৰণ (এফডিচি) জিটা®ডিএম মুকলি কৰিছে, যাৰ ভিতৰত আছে টেনেলিগ্লিপ্টিন (২০মি.গ্ৰা), ডাপাগ্লিফ্লোজিন (১০মি.গ্ৰা) আৰু মেটফৰ্মিন এছআৰ (৫০০ মি.গ্ৰা/১০০ মি.গ্ৰা)। প্ৰেছক্ৰিপশ্বনৰ অধীনত দৈনিক গ্ৰহণ কৰা এই ঔষধৰ উদ্দেশ্য হৈছে টাইপ ২ ডায়েবেটিছ ৰোগীৰ গ্লাইচেমিক নিয়ন্ত্ৰণ উন্নীত কৰা।
ভাৰতত গ্লেনমাৰ্কৰ জিটা® ঔষধৰ পৰ্টফলিঅ’ই বছৰি প্ৰায় ১.৭৫ মিলিয়ন টাইপ ২ ডায়েবেটিছ ৰোগীক উপকৃত কৰি আহিছে। জিটা® ডি এম মুকলিৰ জৰিয়তে জিটা® ৰেঞ্জৰ আটাইতকৈ ব্যাপক গ্লিপ্টটোৱে টাইপ ২ ডায়েবেটিছ ৰোগীক নিজৰ চিকিৎসাৰ প্ৰতিটো পৰ্যায়তে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰয়াসৰ বিষয়ে গ্লেনমাৰ্ক ফাৰ্মাৰ ইণ্ডিয়া ফৰ্মুলেচনৰ প্ৰেচিডেণ্ট তথা ব্যৱসায়িক মুৰব্বী আলোক মালিকে কয় যে, “এই শক্তিশালী প্ৰফাইলৰ জৰিয়তে আমি ইতিবাচক জিটা® ডি এমে ৰোগীক দীৰ্ঘদিনীয়া ডায়েবেটিছৰ চিকিৎসা পালন কৰাত সহায় কৰিব।”
জিটা® ডি এমে উচ্চ এইচবিএ১চি, অনিয়ন্ত্ৰিত ডায়েবেটিছ থকা প্ৰাপ্তবয়স্ক ৰোগী আৰু টেনেলিগ্লিপ্টিন আৰু ডাপাগ্লিফ্ল’জিনক পৃথক ঔষধ হিচাপে প্ৰয়োজনীয় ৰোগীৰ গ্লাইচেমিক নিয়ন্ত্ৰণ উন্নত কৰে। ইয়াৰ খৰচ প্ৰতিদিনে প্ৰতিটো টেবলেটত ১৪ টকা, যাৰ ফলত দৈনিক চিকিৎসাৰ খৰচ ৩০% হ্ৰাস পাব, ফলত ই সুলভ হৈ পৰিছে।