গোৱাত জি-২০ পৰ্যটন কৰ্মী গোট আৰু মন্ত্ৰী পৰ্যায়ৰ বৈঠক আৰম্ভ

গোৱাত ১৯–২০ জুনলৈ পৰ্যটন কৰ্মী গোটৰ চতুৰ্থখন বৈঠক আৰু ২১–২২ জুনলৈ পৰ্যটন মন্ত্ৰীসকলৰ বৈঠক আয়োজন কৰা হয়। গোৱাত অনুষ্ঠিত হোৱা দুয়োখন বৈঠকৰ উদ্দেশ্য হৈছে আঞ্চলিক বহনক্ষমতা, সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ তথা অৰ্থনৈতিক সক্ষমতা বৃদ্ধি কৰা।

এই বৈঠকৰ কাৰ্যসূচীত ক্ৰুজ পৰ্যটন, গ্ল’বেল ট্যুৰিজিম প্লাষ্টিক ইনিচিয়েটিভ, ৰাজহুৱা আৰু ব্যৱসায়িক খণ্ডৰ মাজত যৌথ উদ্যোগকে ধৰি বিভিন্ন বিষয়বস্তু সামৰি লোৱা হৈছিল। এই কাৰ্যসূচীত জি-২০ৰ সদস্য ৰাষ্ট্ৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভাগ, কেইবাখনো ৰাজ্য চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণকাৰী কৰিছিল। মূল অনুষ্ঠানৰ লগতে চৰকাৰে ‘ভাৰতক ক্ৰুজ পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা’ৰ আৰু জি-২০ অৰ্থনীতিৰ বাবে ভ্ৰমণ আৰু পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে ৰাজহুৱা আৰু ব্যক্তিগত আলোচনা তথা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত এক বিশেষ যোগ কাৰ্যসূচীৰ আয়োজন কৰা হয়।

দেশৰ সাংস্কৃতিক, পৰ্যটন আৰু উত্তৰ-পূব উন্নয়ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে ভাৰতীয় ক্ৰুজ উদ্যোগৰ বিপুল সম্ভাৱনাক প্ৰৌজ্বল কৰি তুলিবলৈ “ক্ৰুজ পৰ্যটনক বহনক্ষম আৰু দায়িত্বশীল ভ্ৰমণৰ বাবে এক আৰ্হি হিচাপে গঢ়ি তোলা” শীৰ্ষক বিষয়ৰ ওপৰত প্ৰথমে ভাষণ প্ৰদান কৰে। তেওঁ উল্লেখ কৰে যে “পৰিৱেশৰ বহনক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জাহাজৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *