গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ  গোটৰ  উদ্যোগত অম্বুবাচীত কামাখ্যা মন্দিৰ চৌহদত চাফাই অভিযান , ভক্তক  খোৱাপানী  যোগান

শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰ চৌহদত ২২ জুনৰ পৰা আৰম্ভ হোৱা  অম্বুবাচী মহোৎসৱত দেশ – বিদেশৰ লক্ষাধিক ভক্তৰ  সমাগম হৈছে । অহা ২৬ জুনত অম্বুবাচী মহোৎসৱৰ সামৰণি পৰিব । আনহাতে বহু স্বেচ্ছাসেৱী  আৰু দাতব্য  সংগঠনে দেশ বিদেশৰ অহা ভক্ত সকলক প্ৰশাসনে নির্ধাৰণ কৰি দিয়া নীতি নিময় অনুসৰি খোৱাপানী , খাদ্য যোগানকে ধৰি বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে  গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি  চমুকৈ  এন এছ এছ গোটৰ  উদ্যোগত  ২৪ জুনত শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰত চৌহদত  অম্বুবাচী মহোৎসৱ উপলক্ষে  অহা ভক্তসকলক বিনামূলীয়াকৈ খোৱাপানী যোগান ধৰা হয়।  গুৱাহাটী বিশ্ববিদ্যালয় এন এছ এছ  গোটৰ  কাৰ্যসূচী বিষয়া   ডঃ ঋতুপৰ্ণ বৰাৰ তত্বাৱধানত  গোটৰ  স্বেচ্ছাসেৱক সকলে  খোৱাপানী যোগান ধৰাৰ লগতে  মুখত পৰিধান কৰাৰ বাবে  মাস্কৰ বিতৰণ  কৰে। ইয়াৰ উপৰিও স্বেচ্ছাসেৱকৰ দলটোৱে চাফ চিকণতাৰ অংশ হিচাপে মন্দিৰ চৌহদত এক চাফাই অভিযান চলায় । এই কাৰ্যসূচীত  গুৱাহাটীৰ টিলিঙা স্পৰ্ট ক্লাবেও  স্বেচ্ছাসেৱকৰ দলটোক সহযোগিতা আগবঢ়ায় । আনহাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র কল্যাণ সঞ্চালক আৰু এন এছ এছৰ কাৰ্যসূচী সমন্বয়ক  ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে সমাজৰ প্ৰতি এনে দায়িত্বশীল মনোভাৱ যাতে আগলৈও বৰ্তি থাকে তাৰ বাবে  অভিযানত ভাগ লোৱা স্বেচ্ছাসেৱক সকলক  শুভেচ্ছা জ্ঞাপন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *