গুৱাহাটী প্ৰেছ ক্লাৱত গ্রন্থ উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰ পাঞ্চজন্য বুক্‌ছৰ উদ্যোগত আয়োজিত গ্রন্থ উন্মেচনী সভাত বিশিষ্ট বাংলা কবি জীবনানন্দ দাসৰ বিখ্যাত কাব্যগ্রন্থ ‘বনলতা সেন’ৰ বিশিষ্ট কবি-নাট্যকাৰ ৰাজীৱ কুমাৰ ফুকনে কৰা অসমীয়া অনুবাদ বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাই আনুষ্ঠানিকভাবে ‘উন্মোচন কৰি শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। এই উন্মোচনী সভাত বিশিষ্ট কবি সমীৰ তাঁতীয়ে জীবনানন্দ দাশৰ কবিতা আৰু অনুবাদ সাহিত্য সম্পর্কে দু-আষাৰ কয়। সভাত পাঞ্চজন্য বুক্‌ছৰ স্বত্বাধিকাৰী আৰু প্ৰকাশক ধীৰাজ কুমাৰ লহকৰ, ৰাজেন্দ্ৰ নাথ বৰদলৈৰ  লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। এই সভাত বিশিষ্ট আবৃত্তিকাৰ অৱনী বৰা আৰু বিপুল শৰ্মাই জীবনানন্দৰ দুটা কবিতা আবৃত্তি কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *