অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উদ্বোধন কৰা ভাৰতৰ অন্যতম বৃহৎ বেডমিণ্টন ষ্টেডিয়াম নিৰ্মাণত কালাৰ-ক’টেড ৰুফিং আৰু ক্লেডিং চল্যুছনৰ আগশাৰীৰ প্ৰতিষ্ঠান টাটা ব্লুস্কপ ষ্টীলে গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে। ইয়াক ২১,০০০ বৰ্গমিটাৰ এলআইএছএজিএইচটি ক্লিপলোক® ৭০০ ডাবল-স্কিন ছাদ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে। ভাৰতৰ বেডমিণ্টনৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এই ষ্টেডিয়ামখন এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। দেশৰ খেলুৱৈ আৰু দৰ্শকক অত্যাধুনিক সা-সুবিধা প্ৰদান কৰিব এই ষ্টেডিয়ামখনে।
এই বিষয়ে টাটা ব্লুস্কপ ষ্টীলৰ চল্যুছন বিজনেছৰ ভাইচ প্ৰেচিডেণ্ট চি আৰ কুলকাৰ্ণীয়ে কয় যে, “গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ বেডমিণ্টন(উত্কৰ্ষতাৰ কেন্দ্ৰ)ৰ বাবে নিজৰ উৎকৃষ্ট মানৰ শেহতীয়া প্ৰযুক্তিৰে নিৰ্মিত ডাবল স্কিন ৰুফ যোগান ধৰি টাটা ব্লুস্কপ ষ্টীলে পুনৰবাৰ উচ্চ-নিৰ্মাণ খণ্ডৰ বৰ্ধিত প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে মানসম্পন্ন সমাধান আগবঢ়াই আহিছে।”
ভাৰতৰ কেইবাখনো ষ্টেডিয়াম আৰু ক্ৰীড়া প্ৰকল্পৰ বাবে আন কেইবাটাও অৰ্ডাৰ লাভ কৰি টাটা ব্লুস্কপ ষ্টীলে ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণৰ ধৰণক ৰূপান্তৰিত কৰি ন ৰূপ দিবলৈ সাজু হৈছে। এলআইএছএজিএইচটি ক্লিপলোক® ৭০০ হৈছে কনছিল ৰুফ আৰু ৱাল ক্লেডিং ব্যৱস্থাৰ এক নিউ জেনেৰেছন(শেহতীয়া প্ৰযুক্তি), যিয়ে উচ্চ মানদণ্ডৰ আপলিফ্ট পৰিৱেশন আৰু ৱাইডাৰ স্পেন প্ৰদান কৰে। ইয়াৰ দৃশ্যগতভাৱে আকৰ্ষণীয় ৰূপ আৰু বল্ড ৰিবে শক্তি আৰু স্থায়িত্বৰ প্ৰতীক হিচাপে থিয় দিছে।