গুদামত বিধ্বংসী অগ্নিকাণ্ড! দুগৰাকী মহিলাসহ ৬ জনৰ অগ্নিদগ্ধ হৈ মৃত্যু

হায়দৰাবাদৰ এটা ৰাসায়নিক গুদামত সোমবাৰে সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ২ গৰাকী মহিলাকে ধৰি ৬ জন লোকৰ মৃত্যু হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, এই অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে চাৰি মহলালৈ বিয়পি পৰে।

অধিক তথ্য দি ডিচিপি চেণ্ট্ৰেল জ’ন ভেংকটেশ্বৰ ৰাওৱে কয় যে হায়দৰাবাদৰ নামপাললীৰ বজাৰঘাটত এপাৰ্টমেণ্ট কমপ্লেক্সত অৱস্থিত এটা গুদামত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত দুগৰাকী মহিলা আৰু ৪ জন পুৰুষৰ জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

ইফালে অগ্নিকাণ্ডৰ পিছতে উদ্ধাৰ অভিযান চলাই সামান্য আহত ১৬ জনক নিৰাপদে উদ্ধাৰ কৰা হয়।

হায়দৰাবাদ (টি এছ)ৰ নামপল্লী থানাৰ সীমাৰ অন্তৰ্গত এটা গুদামত সংঘটিত হৈছে এই ঘটনা।

অগ্নিনিৰ্বাপক বাহিনীয়ে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিয়ন্ত্ৰণ কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *