গুজৰাট আৰক্ষীয়ে আৰম্ভ কৰিলে ৰাজ্যজুৰি দেহ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান। ইয়াৰ অধীনত ৮০৫খন স্পা, মাচাজ পাৰ্লাৰ আৰু হোটেলত অভিযান চলাই ১০০ৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
গুজৰাটৰ গৃহ ৰাজ্যিক মন্ত্ৰী হৰ্ষ চাংভীয়ে শেহতীয়াকৈ আৰক্ষী বিষয়াক নিৰ্দেশ দিছিল যে কামৰ আঁৰত বেশ্যা ব্যৱসায় চলি থকাৰ সন্দেহ থকা সকলো চৌহদত অভিযান চলাব লাগে। এই নিৰ্দেশ পোৱাৰ লগে লগে বৃহস্পতিবাৰে আৰক্ষীয়ে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰে।
এই কাৰ্যৰ তথ্য দি চৰকাৰে এক বিবৃতি জাৰি কৰিছে। খবৰ অনুসৰি চাংভীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে মত বিনিময় কৰিছিল। ইয়াৰ মাজতে হোটেল আৰু স্পা চেণ্টাৰৰ আৱৰণত চলি থকা বেশ্যাবৃত্তিৰ অন্ত পেলাবলৈ নিৰ্দেশ দিয়া হয়।
বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰ ৮৫১টা স্থানত আৰক্ষীয়ে অভিযান চলায়। লগতে অবৈধ কামত জড়িত ১০৫ জন লোকক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ১০৩জন লোকৰ বিৰুদ্ধে এফআইআৰ ৰুজু হৈছে। বিবৃতিটোত কোৱা হৈছে যে আৰক্ষীয়ে ২৭খন স্পা চেণ্টাৰ আৰু হোটেলৰ অবৈধ কামত জড়িত থকাৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অনাগত দিনতো এই কাৰ্য্য অব্যাহত থাকিব।
চহৰৰ অপৰাধ শাখাৰ যুটীয়া আৰক্ষী আয়ুক্ত নীৰজ বদগুজাৰে জনোৱা মতে, আহমেদাবাদৰ প্ৰায় ৩৫০খন স্পা আৰু মাছাজ পাৰ্লাৰত আৰক্ষীৰ দলে অভিযান চলায়। মালিকৰ লগতে কৰ্মচাৰীৰ নাম, ফটো আৰু যোগাযোগৰ তথ্য প্ৰদানৰ সন্দৰ্ভত চহৰ আৰক্ষী আয়ুক্তৰ অধিসূচনা উলংঘা কৰাৰ বাবে ৯টা কেন্দ্ৰত গোচৰ ৰুজু কৰা হয়।
বিষয়াগৰাকীয়ে কয় যে স্পা চেণ্টাৰত এনেধৰণৰ কাৰ্যকলাপ চলি আছে নে নাই সেই কথা জানিবলৈ আৰক্ষীয়ে ভুৱা গ্ৰাহকৰ ৰূপ লৈ একাংশ লোকক প্ৰেৰণ কৰে। কিন্তু অভিযানৰ সময়ত কোনো স্পা চেণ্টাৰত দেহ ব্যৱসায় চলি থকা দেখা পোৱা নগ’ল।