গটিয়ে উন্নত সেৱা প্ৰদান ক্ষমতাৰ সৈতে উৎসৱৰ বতৰৰ বৰ্ধিত চাহিদা পূৰণ কৰিবলৈ প্ৰস্তুত হৈছে

ভাৰতৰ আগশাৰীৰ এক্সপ্ৰেছ বিতৰণ আৰু যোগান শৃংখলা ব্যৱস্থাপনা প্ৰদানকাৰী গটি এক্সপ্ৰেছ এণ্ড ছাপ্লাই চেইন প্ৰাইভেট লিমিটেডে (জিইএছচিপিএল) বাণিজ্য, বগা সামগ্ৰী, উপভোক্তা বহনক্ষম সামগ্ৰী আৰু এফএমচিজি শাখাত উৎসৱৰ বতৰত বৰ্ধিত চাহিদা পূৰণৰ বাবে ৱেৰহাউচিং আৰু ডেলিভাৰী ক্ষমতা বৃদ্ধি কৰিছে।


ক্ষমতা আৰু দক্ষতা বৃদ্ধিৰ ব্যৱস্থা অব্যাহত ৰখাৰ বাবে বছৰৰ যিকোনো সময়তে ২০% অধিক কাৰ্গো লোড চম্ভালিব পৰাকৈ জিইএছচিপিএল সজ্জিত। মুম্বাইৰ উপকণ্ঠৰ ভিৱান্দিত ১.৪৮ লাখ বৰ্গফুটৰ অত্যাধুনিক ছাৰ্ফেচ ট্ৰেন্সশ্বিপমেণ্ট চেণ্টাৰ এণ্ড ডিষ্ট্ৰিবিউচন ৱেৰহাউছ (এছটিচিডিডব্লিউ), ফাৰুখ নগৰ, ইন্দোৰ, নাগপুৰ, গুৱাহাটী আৰু বেংগালুৰুত ১.৫ লাখ বৰ্গফুট এছটিচি (আগন্তুক)ৰ সৈতে জিইএছচিপিএল দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থ সামৰি লোৱা কৌশলগত স্থানৰ বাবে অধিক প্ৰসাৰ কৰি সেৱা আগবঢ়াই আহিছে। এই বিষয়ে গটি লিমিটেডৰ বিক্ৰী বিভাগৰ ছিনিয়ৰ ভাইচ প্ৰেচিডেণ্ট ৰাজেশ গৌৰীনাথই কয় যে, “অলকাৰ্গো গ্ৰুপৰ শক্তিৰ সৈতে, জিইএছচিপিএলে বিভিন্ন লজিষ্টিক প্ৰয়োজনীয়তাৰ বাবে একত্ৰিত লজিষ্টিক সেৱা আগবঢ়ায় আৰু পৃথিৱীৰ ১৮০খন দেশৰ মাজত এক গোলকীয় নেটৱৰ্কেৰে সেৱা প্ৰদান কৰে।”


ডেলিভাৰী ক্ষমতা বৃদ্ধিৰ বাবে জিইএছচিপিএলে সমগ্ৰ ভাৰততে উন্নত প্ৰযুক্তি আৰু ৱেৰহাউচিঙ(গুদাম)ৰ সুবিধাৰে সজ্জিত এডভান্সড এক্সপ্ৰেছ ডিষ্ট্ৰিবিউচন চেণ্টাৰ (ইডিচি) স্থাপন কৰিছে। কোম্পানীটোৱে বিমান আৰু পথ দুয়োটা ক্ষেত্ৰকে সামৰি লোৱা এক শক্তিশালী ডেলিভাৰী নেটৱৰ্ক গঢ়ি তুলিছে আৰু ২,৫০০তকৈও অধিক বিকল্প ইন্ধনযুক্ত গাড়ীৰ ফ্লীট আছে, যাৰ ফলত ২৪-৪৮ ঘণ্টাৰ ভিতৰত দ্ৰুত ডেলিভাৰী সম্ভৱ হৈ পৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *