খানাপাৰাৰ কৃষি ভৱন চৌহদত MOVCD-NER, অসম আঁচনিৰ অধীনত জৈৱিক খুচুৰা বিপণীৰ আধাৰশিলা স্থাপন

উত্তৰ পূৰ্বাঞ্চলৰ বাবে মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেন্ট (MOVCD-NER) -এ এখন জৈৱিক খুচুৰা বিপণী নিৰ্মাণৰ প্ৰস্তুতি চলাইছে । এই উদ্দেশ্যে ১৭ আগষ্টত গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি ভৱনৰ চৌহদত আধাৰশিলা স্থাপন কাৰ্যসূচীৰ আয়োজন কৰে উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ সঞ্চালকালয়ে ।

অসমৰ কৃষি, উদ্যানশস্য আৰু খাদ্য সংসাধীকৰণ দপ্তৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী অতুল বৰাই এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰে । 

এই জৈৱিক খুচুৰা বিপণী মুকলি কৰাৰ মূল উদ্দেশ্য হৈছে চহৰবাসীৰ বাবে জৈৱিকভাৱে উৎপাদিত সামগ্ৰী সহজে উপলব্ধ কৰা । MOVCD-NER, অসম আঁচনিৰ অধীনত বিভিন্ন জিলাৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীজে (FPC) এতিয়া গুৱাহাটীত এই বিপণীৰ জৰিয়তে তেওঁলোকৰ জৈৱিক সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব ।

এই অনুষ্ঠানত লগতে উপস্থিত থাকে আই এ এছ, কৃষি বিভাগৰ সঞ্চালক অনন্ত লাল জ্ঞানী, অসমৰ ডি অ’ এইচ আৰু এফ পিৰ সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰাসহ আন বিষয়ববীয়া ।

আধাৰশিলা স্থাপন কৰি মন্ত্ৰী অতুল বৰাই কয়, “MOVCD-NER, অসম আঁচনিৰ অধীনত এফ পি চিৰ জৰিয়তে অসমৰ বিভিন্ন জিলাত জৈৱিক কৃষি পদ্ধতি কাৰ্যকৰী কৰা হৈছে । শেহতীয়াকৈ অসমত জৈৱিকভাৱে উৎপাদিত নেমু আৰু আনাৰস লণ্ডন আৰু ডুবাইৰ দৰে বিদেশৰ বজাৰত বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । জৈৱিক সামগ্ৰীসমূহৰ স্বাস্থ্যজনিত উপকাৰীতাৰ প্ৰতি লক্ষ্য ৰাখি  জৈৱিক খুচুৰা বিপণী মুকলিৰ এনে পদক্ষেপে আমাৰ লোকসকলক স্বাস্থ্যকৰ সামগ্ৰী ব্যৱহাৰ কৰি সুস্থ জীৱন যাপন কৰাত সহায় কৰিব ।“

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *