কৰিমগঞ্জত প্ৰায় ৪০ হাজাৰ য়াবা টেবলেট জব্দ, ২ সৰবৰাহকাৰীক আটক

অসম আৰক্ষীয়ে শুকুৰবাৰে কৰিমগঞ্জ জিলাত মিজোৰাম ফালৰ পৰা অহা এখন বাহনৰ পৰা ৪০ হাজাৰ য়াবা টেবলেট জব্দ কৰে।

সূত্ৰ অনুসৰি কৰিমগঞ্জত মিজোৰাম ফালৰ পৰা নিচাজাতীয় সামগ্ৰী কঢ়িয়াই অনা দুজন ড্ৰাগছ বেপাৰীক আটক কৰা হৈছে। আৰক্ষীৰ টহলদাৰী দলটোৱে গাড়ীখন জব্দ কৰি গাড়ীখনৰ এটা গোপন চেম্বাৰৰ পৰা নিচাজাতীয় টেবলেটখিনি জব্দ কৰে।

ইয়াৰ পূৰ্বে ১২ ছেপ্টেম্বৰত গুৱাহাটীত নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ পিছতে মণিপুৰৰ তিনিজন লোকক আটক কৰা হৈছিল।

জানিব পৰা মতে, এ এছ ০১ এফ এম ৭৮০০ নম্বৰৰ থাৰ এখনে মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা নামনি অসমলৈ নিচাজাতীয় সামগ্ৰী কঢ়িয়াই আনিছিল।

সেই অনুসৰি কামৰূপৰ ফালৰ পৰা শৰাইঘাটত গাড়ীখন আটক কৰি মণিপুৰৰ তিনিজন বেপাৰীক আটক কৰে, পৰৱৰ্তী সময়ত আমিনগাঁৱৰ সচিকা হোটেলৰ পৰাও চালান লাভ কৰিবলগীয়া অসমৰ তিনিজন বেপাৰীক আটক কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *