কৰিমগঞ্জত প্ৰায় ৫৩ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

কৰিমগঞ্জৰ বাজাৰিচেৰা আৰক্ষীয়ে শনিবাৰে চাহ বাগিচাৰ এটা ঘৰৰ সন্মুখত ৰখাই থোৱা এখন বাহনৰ পৰা ৫৩টা পেকেট গাঞ্জা উদ্ধাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই হাতীখিৰা চাহ বাগিচাৰ অভিযান চলাই ৫৩টা পেকেটত লুকুৱাই ৰখা ৫৩০ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ৫৩ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।

অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *