ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুকাৰলৈ আইনী জাননী প্ৰেৰণ কৰিব এগৰাকী প্ৰাক্তন মন্ত্ৰীয়ে, কিন্তু কিয়?

মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী তথা প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে কিংবদন্তি ক্ৰিকেটাৰ তথা ভাৰতৰত্ন শচীন টেণ্ডুলকাৰক আইনী জাননী প্ৰদান কৰিব বুলি কয়। বাচ্চু কাডুৱে কয় যে এই জাননীখন শচীন টেণ্ডুলকাৰে অনলাইন গেমিং এপৰ এণ্ডাৰছমেণ্টৰ সন্দৰ্ভত। ইয়াৰ পূৰ্বেও বাচ্চু কাডুৱে এটা আবেদন জনাইছিল য’ত তেওঁ কৈছিল যে শচীন তেণ্ডুলকাৰ “ভাৰত ৰত্ন” (ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা) হোৱাৰ বাবে এনে বিজ্ঞাপনত অংশগ্ৰহণ কৰিব নালাগে বা বাজিৰ প্ৰচাৰ কৰিব নালাগে।

বাচ্চু কাডুৱে কয় যে তেওঁলোকে পূৰ্বে শচীন টেণ্ডুলকাৰক পেটিএম ফাৰ্ষ্ট গেমৰ প্ৰচাৰ অভিযানৰ পৰা আঁতৰি আহিবলৈ বিচৰা আবেদনৰ উত্তৰ দিবলৈ সময় দিছিল। অৱশ্যে কাডুৱে কয় যে এই বিষয়ত শচীনৰ পৰা কোনো উত্তৰ নোপোৱাত তেওঁ আইনী জাননী প্রেৰণ কৰিবলৈ বাধ্য হৈছে৷

Paytm First Game নামৰ এটা গেমিং প্ৰগ্ৰেম অনলাইনত উপলব্ধ। ইয়াৰ দ্বাৰা অনলাইন গেম খেলিব পাৰি আৰু ৰিয়েল কেছৰ পৰিমাণ জিকিব পাৰি। Paytm First Game এটা ফেণ্টাচি গেম এপ। MPL, Dream11, আৰু WinZO, অন্যান্য ফেণ্টাচি গেম এপ।

ইয়াৰ পূৰ্বে টুইটাৰযোগে প্ৰকাশ কৰা এক বিবৃতিত বাচ্চু কাডুৱে মাৰাঠী ভাষাত এটা ভিডিঅ’ প্ৰকাশ কৰি শচীন টেণ্ডুলকাৰে পেটিএম ফাৰ্ষ্ট গেমৰ প্ৰচাৰ কৰাত নিজৰ সংশয় আৰু আপত্তি প্ৰকাশ কৰে।

“শচীন টেণ্ডুলকাৰ ভাৰত ৰত্ন। যিজন ব্যক্তিৰ অসংখ্য অনুৰাগী আছে আৰু ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছে তেওঁ পেটিএম ফাৰ্ষ্টৰ দৰে জুৱা এপৰ বিজ্ঞাপনৰ অংশ হোৱাটো সঠিক নহয়। মই মহাৰাষ্ট্ৰ চৰকাৰ আৰু শচীন টেণ্ডুলকাৰক অনুৰোধ কৰিছো যে অনুগ্ৰহ কৰি এই বিজ্ঞাপনটো অনতিপলমে নিষিদ্ধ কৰক।” বাচ্চু কাডুৱে কয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *