কোকৰাঝাৰত ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাজ্যৰ স্বাস্থ্য পৰিয়াল-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। অসম চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে কোকৰাঝাৰ ভ্ৰমণৰত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে মঙ্গলবাৰে আগবেলা

ৰাজ্য চৰকাৰৰ স্বাস্থ্য, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত-সচিব সিদ্ধাৰ্থ সিং, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন আৰু অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এম ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীক লগত লৈ  অসামৰিক চিকিৎসালয়খনত উপস্থিত হৈ চিটি স্কেন কক্ষ, পৰীক্ষাগাৰ, বহিঃ ৰোগী সেৱা বিভাগ, পুৰুষ আৰু মহিলা ৱাৰ্ডকে ধৰি বিভিন্ন কক্ষ পৰিদৰ্শন কৰে। বিভাগীয় মন্ত্ৰী মহন্তই এই পৰিদৰ্শনকালত ৰোগী আৰু তেওঁলোকৰ আত্মীয়ৰ সৈতেও মত বিনিময় কৰি চিকিৎসালয়খনত উপলব্ধ চিকিৎসা সেৱা তথা সা-সুবিধা সন্দৰ্ভত তেওঁলোকৰ মতামত গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অচিন্ত সুন্দৰ শৰ্মাৰ লগতে চিকিৎসক-স্বাস্থ্যকৰ্মীসকলৰ লগতো মত বিনিময় কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীৰ পৰিদৰ্শনৰ সময়ত চিকিৎসালয়ত উপস্থিত থকা আয়ুক্ত-সচিব, চিকিৎসা শিক্ষা সঞ্চালক, এনএইচএমৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালকৰ লগতে কোকৰাঝাৰ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ জাহিৰ আহমেদ আৰু চিকিৎসালয়ৰ অধীক্ষকৰ সৈতে ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ৰ সামগ্ৰিক পৰিচালনা ব্যৱস্থাৰে জড়িত বিভিন্ন দিশৰ উপৰি অভাৱ-অভিযোগ সন্দৰ্ভতো আলোচনা কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *