কেৱড়িয়াত আৰম্ভ হৈছে তৃতীয় জি-২০ টিআইডব্লিউজি বৈঠক

ভাৰতৰ জি-২০ অধ্যক্ষতাৰ অংশ হিচাপে ১০ জুলাইৰ পৰা ১২ জুলাইলৈ গুজৰাটৰ কেৱড়িয়াত অনুষ্ঠিত হ’ব তৃতীয় বাণিজ্য আৰু বিনিয়োগ কৰ্মগোট। এই বৈঠকত পাঁচটা বিশেষ অগ্ৰাধিকাৰ ক্ষেত্ৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়: বৃদ্ধিৰ বাবে বাণিজ্য, ব্যৱসায় কৰাত সহজতা, বিশ্বব্যাপী মূল্য শৃংখল, এম এছ এম ইক একত্ৰিত কৰা তথা বাণিজ্য আৰু বিশ্ব বাণিজ্য সংস্থাৰ সংস্কাৰৰ বাবে লজিষ্টিক ইত্যাদি।

ভাৰতৰ জি-২০ অধ্যক্ষতাত প্ৰতিটো বিষয়তে কাৰ্যমুখী সুনিৰ্দিষ্ট বাস্তৱভিত্তিক প্ৰস্তাৱ প্ৰস্তুত কৰিছিল। যাৰ লক্ষ্য হৈছে এই সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এই প্ৰস্তাৱবোৰ গ্ৰহণ কৰাৰ বাবে সহমত গঢ়ি তোলা। ৩ দিনীয়াকৈ অনুষ্ঠিত বৈঠকত বিশ্ব বাণিজ্য আৰু বিনিয়োগৰে জড়িত বিষয়সমূহৰ ওপৰত কাৰ্যমুখী প্ৰস্তাৱ আৰু বিতৰণযোগ্য বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

এই বৈঠকত জি-২০ দেশৰ সদস্য আৰু আমন্ত্ৰিত অতিথিসকলে কাৰিকৰী অধিৱেশন(টেকনিকেল ছেচন)ৰ সময়ত ভাৰতৰ প্ৰস্তাৱসমূহৰ বাবে বিভিন্ন পৰামৰ্শ প্ৰদান কৰে। এই আবঢ়োৱা প্ৰস্তাৱসমূহ আগন্তুক জয়পুৰত অনুষ্ঠিত হ’ব লগা বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা হ’ব। ইয়াৰ পূৰ্বে ‘বাণিজ্য আন্তঃগাঁথনি’ সম্পৰ্কীয় এখন আলোচনাচক্ৰত জিভিচি সম্প্ৰসাৰণত লজিষ্টিকৰ ভূমিকা আৰু এমএছএমইৰ গুৰুত্বৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। ইয়াৰ লগত সংগতি ৰাখি এখন প্ৰদৰ্শনীত কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপসমূহ প্ৰদৰ্শন কৰা হৈছিল। আনহাতে এই অধিৱেশনৰ সময়তে জি-২০ প্ৰতিনিধিসকলে ষ্টেচু অৱ ইউনিটি আৰু চৰ্দাৰ সৰোবৰ বান্ধ পৰিদৰ্শন কৰিছিল। একেদৰে, অধিৱেশনত এক সাংস্কৃতিক কাৰ্যসূচীয়ে গুজৰাটৰ সমৃদ্ধ সংস্কৃতি আৰু ঐতিহ্যও প্ৰদৰ্শন কৰিছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *