কেৰালাৰ সাগৰত মাছমৰীয়াৰ নাও ডুবি এজনৰ মৃত্যু, তিনিজন সন্ধানহীন

সোমবাৰৰ পুৱা কেৰালা উপকূলৰ সাগৰত এখন মাছমৰীয়াৰ নাও উটি যোৱাৰ ফলত এজন মাছমৰীয়াই প্ৰাণ হেৰুওৱাৰ লগতে আন তিনিজন লোক সন্ধানহীন হয়।

থিৰুৱনন্তপুৰম জিলাৰ পেৰুমাথুৰাৰ সমীপৰ মুথালাপোজিত সংঘটিত হৈছে এই শোকাবহ ঘটনা।

অঞ্জুথেংগু আৰক্ষীয়ে জনোৱা মতে, কুঞ্জুমন (৪২)ৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন তিনিজন ৰবিন (৪২), বিজু (৪৮) আৰু বিজু (৫৫) সন্ধানহীন হৈ আছে।

উপকূলীয় আৰক্ষীৰ এজন বিষয়াই পিটিআইক জনোৱা মতে, “ৰাতিপুৱা বতৰ প্ৰতিকূল আছিল, আৰু মাছমৰীয়াসকল মেকানাইজড নাওত আছিল। আমি এতিয়াও নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি আছো।”

পেৰুমাথুৰাত থকা মুথালাপোজি হৈছে বামানপুৰম নদী আৰু কাদিনামকুলাম হ্ৰদ আৰব সাগৰৰ লগ পোৱা ঠাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *