কেৰালাৰ প্ৰথমখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…

দুদিনীয়া ভ্ৰমণসূচীৰে কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ইয়াৰ মাজতে মঙলবাৰে পুৱা ১১:১০ বজাত তিৰুৱনন্তপুৰম আৰু কাছাৰগোডৰ মাজত ৰাজ্যখনৰ প্ৰথমখন বন্দে ভাৰত ৰে’ল তিৰুৱনন্তপুৰম কেন্দ্ৰীয় ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি এই ৰে’লখন ১১খন জিলাত চলিব। ইয়াৰ ভিতৰত তিৰুৱনন্তপুৰম, কোল্লাম, কোট্টায়ম, এৰ্নাকুলাম, থ্ৰিছুৰ, পলাক্কাড, পাঠনামথিত্তা, মালাপ্পুৰম, কোঝিকোড়, কান্নুৰ আৰু কাছাৰগোড আদি অন্যতম।

আজি পুৱা তিৰুৱনন্তপুৰমত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াত প্ৰধানমন্ত্ৰীক উষ্ম আদৰণি জনোৱা হয়। ইয়াত উপস্থিত হোৱাৰ লগে লগে তেওঁ ৰোড শ্ব’ কৰিও ৰাইজক সম্ভাষণ জনায়। ইয়াৰ পিছত তেওঁ চেণ্ট্ৰেল ৰেলৱে ষ্টেচনলৈ ৰাওনা হয়।

বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পিছত তিৰুৱনন্তপুৰমত ডিজিটেল বিজ্ঞান উদ্যানৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তিৰুৱনন্তপুৰমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পও উদ্বোধন কৰে।

ৰে’ল ষ্টেচনৰ ১ নং প্লেটফৰ্মৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছক ফ্লেগ অফ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰে’লৰ এটা ডবাটোৰ ভিতৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলৰ সৈতেও মত বিনিময় কৰিছিল। কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়ন আৰু কংগ্ৰেছৰ সাংসদ শশী থাৰুৰো উপস্থিত থাকে। এই সময়ত শিশুসকলে মোডীক নিজৰ নিজৰ ছবি আৰু বন্দে ভাৰত ৰেলৰ স্কেচ দেখুৱাইছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰে’লৰ পৰা ফ্লেগ অফ কৰা দেখি সিফালৰ প্লেটফৰ্মতো শ শ লোকৰ সমাগম ঘটিল। বন্দে ভাৰত এক্সপ্ৰেছৰ জৰিয়তে ৰাজ্যৰ ৰাজধানীখনক কেৰালাৰ উত্তৰতম কাছাৰগোড জিলাৰ সৈতে সংযোগ কৰা হ’ব। প্ৰধানমন্ত্ৰী মোডীৰ এই ভ্ৰমণৰ বাবে ৰাজ্যত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *