ভাৰতৰ অন্যতম বৃহৎ ক্ৰীড়া আৰু এথলেইজাৰ ফুটৱেৰ(জোতা) ব্ৰেণ্ড কেম্পাছ এক্টিভৱেৰে আজি #VibeWithOGKing অভিযানৰ বাবে সংগীত চাঞ্চল্য কিঙৰ সৈতে সহযোগিতাৰ কথা ঘোষণা কৰিছে। এই প্ৰচাৰ অভিযানে কিঙৰ অনুৰাগীসকলক ব্যক্তিগতভাৱে লগ পোৱাৰ আৰু বুকমাইশ্ব’ৰ দ্বাৰা আয়োজিত নিউ লাইফ ইণ্ডিয়া ট্যুৰ কনচাৰ্টত উপস্থিত থকাৰ সুযোগ প্ৰদান কৰিব। কেম্পাছ অ’জি ৰেঞ্জ হৈছে প্ৰচাৰ অভিযানৰ কেন্দ্ৰবিন্দু, যিয়ে আত্ম-অভিব্যক্তিৰ প্ৰকাশ বা ৰক্ষা কৰি গতানুগতিক ফেশ্বন ট্ৰেণ্ডক অতিক্ৰম কৰি নতুন পৰিসৰ সৃষ্টি কৰে। এই জোতাবোৰে মানুহক নিজৰ অনন্য ব্যক্তিত্ব প্ৰদৰ্শন কৰিবলৈ আৰু নিজৰ নিজৰ জোতাৰ পছন্দৰ জৰিয়তে আত্মবিশ্বাস উজ্বল কৰি তুলিবলৈ সক্ষম কৰি তোলে।
কেম্পাছ এক্টিভৱেৰে এই প্ৰচাৰ অভিযান #VibeWithOGKingৰ জৰিয়তে নিজৰ অনুৰাগীসকলক কেম্পাছ অ’জি জোতা পৰিধান কৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে। অংশগ্ৰহণকাৰীসকলে ইনষ্টাগ্ৰামত @campusshoes অনুসৰণ কৰিব পাৰে আৰু প্ৰতিযোগিতাখনত প্ৰৱেশ কৰিবলৈ নিজৰ যোগাযোগৰ তথ্য আপডেট কৰিব পাৰে।
১৫ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে চলিব লগা এই অভিযানত অংশগ্ৰহণকাৰীসকলে নিজৰ কেম্পাছ অ’ জি জোতা পিন্ধি অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাত ১০ গৰাকী ভাগ্যৱান বিজয়ীয়ে কিঙক ব্যক্তিগতভাৱে লগ পোৱাৰ সুযোগ লাভ কৰাৰ লগতে ৩০০ লোকে নিউ লাইফ ইণ্ডিয়া ট্যুৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। এই বিষয়ে কেম্পাছ এক্টিভৱেৰৰ মুখ্য বিপণন বিষয়া প্ৰেৰণা আগৰৱালে কয় যে, “আমি যুৱক-যুৱতীসকলকৰ অনন্য ষ্টাইলক আঁকোৱালি ল’বলৈ আৰু এক বল্ড ফেশ্বন ষ্টেটমেণ্ট প্ৰদৰ্শন কৰিবলৈ আৰু কেম্পাছ অ’জিৰ সৈতে অনন্য ধৰণে নিজৰ ‘স্বাগ’ মুকলি কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ উৎসাহিত হৈছোঁ।”