কুলাংগাৰ পুত্ৰৰ কু-কাণ্ড! মহানগৰীত নিজৰ বৃদ্ধা মাতৃৰ ওপৰত উতলা গৰম পানী ঢালি নিৰ্মম অত্যাচাৰ…

নিজৰ জন্মদাত্ৰী মাতৃৰ ওপৰত নিৰ্মম অত্যাচাৰ পুত্ৰৰ। এইখন অসমৰে গুৱাহাটী মহানগৰীত সংঘটিত এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য।

নিজৰ বৃদ্ধা মাতৃক অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সমাজজ্যোতি ভৰালী নামৰ কুলাংগাৰ পুত্ৰটোক। মহানগৰীৰৰ হেঙেৰাবাৰী অঞ্চলৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হয় সভ্য সমাজক লজ্জানত কৰা এই ঘটনা।

অভিযোগ অনুসৰি, কুলাংগাৰ পুত্ৰ সমাজজ্যোতি ভৰালীয়ে বৃদ্ধা মাতৃক প্ৰচণ্ড ৰ’দত বাৰাণ্ডাত বান্ধি ৰাখে। কেৱল সেয়াই নহয়, লাঠিৰে প্ৰহাৰ কৰি আৰু গাত উতলা গৰম পানী ঢালিও মাতৃৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাই আহিছিল পুত্ৰই।

এই অপৰাধ কাণ্ড পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে সমাজজ্যোতি ভৰালীক গ্ৰেপ্তাৰ কৰি বৃদ্ধা মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *