কিশোৰীক ধৰ্ষণ কৰি পিতৃক হত্যা! উত্তৰ প্ৰদেশৰ বিজেপি নেতাক আটক আৰক্ষীৰ…

উত্তৰ প্ৰদেশত এগৰাকী ১৭ বছৰীয়া দলিত কিশোৰীক ধৰ্ষণ কৰি পিতৃক হত্যা কৰাৰ অভিযোগত বিজেপিৰ সংখ্যালঘু মৰ্চা নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি মাছুম ৰাজা ৰহীৰ বিৰুদ্ধে সদৰ কোতৱালি থানাত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁলোকে লগতে কয়।

আৰক্ষীক দিয়া এজাহাৰত কিশোৰীগৰাকীয়ে অভিযোগ কৰে যে যোৱা ২৮ আগষ্টত বিজেপি নেতাই তেওঁক ধৰ্ষণ কৰিছিল আৰু যেতিয়া তেওঁৰ পিতৃ ৰাজুৱে এই ঘটনা দেখি প্ৰতিবাদ কৰিছিল তেতিয়া অভিযুক্তই তেওঁক কোবাইছিল, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ পিছতে চিকিৎসাৰ সময়তে কিশোৰীগৰাকীৰ পিতৃৰ মৃত্যু হয়। অভিযোগকাৰীয়ে জনোৱা মতে, মাতৃৰ মৃত্যুৰ পিছত তেওঁ পিতৃ, তিনিগৰাকী ভগ্নী আৰু এজন সৰু ভাতৃৰ সৈতে ৰহীৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল।

চক্ৰ বিষয়া (সদৰ) অজয় সিং চৌহানে কয় যে অভিযুক্তৰ বিৰুদ্ধে ৩৭৬ (ধৰ্ষণ), ৩০২ (হত্যা), ৩৫৪ (মহিলাক তেওঁৰ বিনয়ক ক্ষুব্ধ কৰাৰ উদ্দেশ্যেৰে আক্ৰমণ বা অপৰাধমূলক বল প্ৰয়োগ), ৪৫২ (ঘৰত প্ৰৱেশ কৰা) ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে PCSO আইনৰ অধীনতো গোচৰ ৰুজু কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

বিজেপিৰ জিলা আহ্বায়ক সঞ্জয় পাণ্ডেয়ে এই সন্দৰ্ভত দলৰ জ্যেষ্ঠ নেতৃত্বক অৱগত কৰা হৈছে আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ এগৰাকী জ্যেষ্ঠ নেতাই ৰহী মৰ্চাৰ জিলা সভাপতি বুলি নিশ্চিত কৰাৰ সমান্তৰালকৈ কয় যে আইন সকলোৰে বাবে সমান। দোষীক শাস্তি দিয়া হ’ব আৰু ভুক্তভোগীয়ে ন্যায় পাব বুলিও তেওঁ দৃঢ়তাৰে কয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *