কাৰ্বি গাঁওবাসীক কাঠফুলা খেতিৰ প্ৰশিক্ষণ প্ৰদান আৰণ্যকৰ

84

বিকল্প বহনক্ষম জীৱিকা পদক্ষেপৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৰাভা এগ্ৰ’টেকৰ সহযোগত শেহতীয়াকৈ প্ৰান্তীয় কাৰ্বি গাঁওবাসীসকলৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ এক বিস্তৃত প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰে ।প্ৰান্তীয় পৰিয়ালসমূহৰ বাবে গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ জৰিয়তে বিকল্প বহনক্ষম জীৱিকাত সহায় কৰাৰ উদ্দেশ্যেৰে অসমৰ কাজিৰঙা-কাৰ্বি আংলং লেণ্ডস্কেপৰ ১০খন গাঁৱৰ আগ্ৰহী গাঁওবাসীসকলক লক্ষ্য কৰি প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ ২২ জুনত আৰম্ভ হয় আৰু যোৱা ১৮ জুলাইত সমাপ্ত হয়।প্ৰাৰম্ভিক প্ৰশিক্ষণত ১০ খন গাঁওৰ পৰা ২০ গৰাকী মহিলাই অংশগ্ৰহণ কৰি ধানৰ খেৰ কটা, কাঠফুলাৰ চিলিণ্ডাৰ প্ৰস্তুত কৰা আদি গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া শিকে । তাৰ পিছত এই চিলিণ্ডাৰবোৰ ২০-২৫ দিন এটা আন্ধাৰ কোঠাত ৰখা হয় । ২৫ দিনৰ অন্তত চন্দ্ৰসিং ৰংপিয়ে গাঁও ত ১৯ গৰাকী অংশগ্ৰহণকাৰীক লগত লৈ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত কাঠফুলাৰ চিলিণ্ডাৰত বালি আৰু ভাৰ্মিকম্পোষ্ট ঢলা প্ৰক্ৰিয়া, নিৰ্দিষ্ট প্ৰয়োজনীয়তা আৰু বালি আৰু জৈৱিক সাৰক ৰাসায়নিক আৰু জৈৱিক প্ৰক্ৰিয়াৰে বীজাণুমুক্ত কৰাৰ দৰে উন্নত পদক্ষেপসমূহো প্ৰশিক্ষকে শিকায়।