শুকুৰবাৰে (২৭ অক্টোবৰ) ৰাউছ এভিনিউ আদালতে দিল্লী আবকাৰী নীতি গোচৰত গ্ৰেপ্তাৰ হোৱা আম আদমি পাৰ্টিৰ নেতা সঞ্জয় সিঙৰ ন্যায়িক জিম্মা ১০ নৱেম্বৰলৈ বৃদ্ধি কৰে। ১৪ দিনৰ ন্যায়িক জিম্মাত থকাৰ সময়সীমা শেষ হোৱাৰ পিছত তেওঁক আদালতত হাজিৰ কৰোৱা হয়।
শুনানিৰ বাবে আদালতত হাজিৰ হোৱাৰ পূৰ্বে আপৰ সাংসদগৰাকীয়ে কয় যে ক্ষমতাত থকাসকলৰ বিৰুদ্ধে যুঁজ অব্যাহত থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ ষড়যন্ত্ৰৰ অংশ হিচাপে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিছে আম আদমি পাৰ্টিৰ নেতাজনে।
আদালতত জিম্মাত লোৱাৰ শুনানিৰ সময়ত বিশেষ ন্যায়াধীশ এম কে নাগপালে সিঙক সংসদ সদস্য হিচাপে পৰিয়ালৰ খৰচ আৰু ক্ষেত্ৰভিত্তিক কামৰ দুখন চেকত চহী কৰিবলৈ অনুমতি দিয়ে। ন্যায়াধীশগৰাকীয়ে সংশ্লিষ্ট কাৰাগাৰ কৰ্তৃপক্ষক সঞ্জয় সিঙৰ ব্যক্তিগত চিকিৎসককে ধৰি উপযুক্ত চিকিৎসা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
সঞ্জয় সিঙে আদালতত আবেদন কৰিছিল যে জেল কৰ্তৃপক্ষক তেওঁৰ ব্যক্তিগত চিকিৎসক (ৰমনজিৎ সিং)ৰ পৰা পৰামৰ্শ ল’বলৈ অনুমতি দিব লাগে। সিঙে কয় যে তেওঁ এজন ডায়েবেটিছ ৰোগী আৰু গ্ল’ক’মা ৰোগতো আক্ৰান্ত।
যোৱা ৪ অক্টোবৰত দিল্লী আবকাৰী নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক। গ্ৰেপ্তাৰৰ পিছত ৫ অক্টোবৰত তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰা আদালতে তেওঁক ১০ অক্টোবৰলৈকে ৰিমাণ্ডত প্ৰেৰণ কৰে। ইয়াৰ পিছত ১০ অক্টোবৰত পুনৰ আদালতত হাজিৰ হয়।
গ্ৰেপ্তাৰৰ পিছত ৫ অক্টোবৰত তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু তাৰ পৰা আদালতে তেওঁক ১০ অক্টোবৰলৈকে ৰিমাণ্ডত প্ৰেৰণ কৰে। ইয়াৰ পিছত ১০ অক্টোবৰত পুনৰ আদালতত হাজিৰ হয়। য’ত আদালতে তেওঁৰ ৰিমাণ্ড আৰু ৩ দিনৰ বাবে বৃদ্ধি কৰিছিল। ১৩ অক্টোবৰত পুনৰ গোচৰৰ শুনানি গ্ৰহণ কৰি আদালতে তেওঁক ২৭ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।