কাশ্মীৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৫ বিদেশী সন্ত্ৰাসবাদী…

কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা। কাশ্মীৰৰ নিৰাপত্তা বাহিনীয়ে অভিযান চলাই নিধন কৰিবলৈ সক্ষম হয় ৫ বিদেশী সন্ত্ৰাসবাদীৰ।

জানিব পৰা মতে, শুকুৰবাৰে পুৱাৰে পৰা সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ ঘটে নিৰাপত্তাৰক্ষীৰ। খবৰ অনুসৰি কুপৱাৰাৰ জুমাগাণ্ড অঞ্চলত প্ৰায় দুঘণ্টা ধৰি দুয়োপক্ষৰ মাজত যুঁজ হৈছিল। যি সময়ত ৫ সন্ত্ৰাসবাদী নিহত হয়। কাশ্মীৰ আৰক্ষীৰ মতে আৰু অধিক সন্ত্ৰাসবাদীৰ সন্ধান অব্যাহত আছে।

তিনিদিন পূৰ্বে কুপৱাৰাত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল দুজন সন্ত্ৰাসবাদী। একেটা অঞ্চলতে পুনৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান আৰম্ভ কৰে। শুকুৰবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই অভিযান।

আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পিছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। প্ৰায় দুঘণ্টামান পিছত পাঁচজন সন্ত্ৰাসবাদীৰ মৃত্যুৰ খবৰ পোৱা যায়। কাশ্মীৰ আৰক্ষীয়ে টুইট কৰি কয় যে, যৌথ অভিযানৰ ফলত পাঁচজন বিদেশী সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে। বৰ্তমান আত্মগোপন কৰি থকা আন সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ অনুসন্ধান চলি আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *