কাকপথাৰত আলফা স্বাধীনত যোগদান বিবাহিত যুৱকৰ, পত্নী অন্তঃসত্বা…

আজি আলফাৰ প্ৰতিষ্ঠা দিৱস। আজিৰ দিনটো অৰ্থাৎ ১৯৭৯ চনৰ ৭ এপ্ৰিলৰ দিনটোতে শিৱসাগৰত জন্মলাভ কৰিছিল আলফাই।

আলফাৰ এই প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণতে পুনৰ এগৰাকী অসমীয়া যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰাৰ খবৰ পোহৰলৈ আহিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন বিবাহিত যুৱকে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

জানিব পৰা মতে, যোৱা ২১ মাৰ্চৰ পৰাই সন্ধানহীন হৈ আছে কাকপথাৰৰ গমিধৰ মহন্ত আৰু ৰূপা মহন্তৰ পুত্ৰ ২০ বৰ্ষীয় বিকাশ মহন্ত। অন্তঃসত্বা পত্নীক এৰি সন্ধানহীন হোৱা যুৱকজনে আলফা স্বাধীনত যোগ দিবলৈ যোৱাৰ সন্দেহ কৰা হৈছে।পৰিয়ালৰ লোকে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ।

আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱসৰ পৰিপ্ৰেক্ষিতত উজনি অসমত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা গঢ়ি তোলাৰ সময়তে বিবাহিত যুৱকজনে আলফাত যোগদান কৰাৰ খবৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বিকাশ মহন্তৰ অন্তঃসত্বা পত্নীয়ে স্বামীক ঘৰলৈ ওভতাই পঠিয়াবলৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আহ্বান জনাইছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *