অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চৰকাৰী আঁচনি সমূহৰ সুফল যাতে ৰাইজে পোনপটীয়াকৈ লাভ কৰে আৰু গাঁও পঞ্চায়তত উন্নয়ন মূলক আঁচনি প্রস্তুত কৰাৰ সময়ত ৰাইজক যাতে জড়িত কৰা হয় তাৰ বাবে সকলো গাঁও পঞ্চায়তলৈ সময়ে সময়ে নিৰ্দেশনা দি আহিছে । এই নিৰ্দেশনাৰ আধাৰত পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ ৩৬ নং কাঁহিকুছি গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত এখন বিশেষ সভা অনুষ্ঠিত হৈ যায় । পঞ্চায়ত এলেকাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডেৰ শতাধিক লোক , মহিলা আত্মসহায়ক গোটৰ সদস্যৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে বাখ্যা কৰে গাঁও পঞ্চায়তখনৰ সচিব সুবোধ চন্দ্ৰ কলিতাই । আনহাতে সভাত ভাগ লৈ কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়াই পঞ্চায়ত এলেকাত পঞ্চায়তৰ উদ্যোগত চলি থকা উন্নয়ন মূলক কাম – কাজৰ এক খতিয়ান
কাঁহিকুছি গাঁও পঞ্চায়তত বিশেষ গাঁওসভা
