ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ – উপনৈৰ পানী সামান্য কমিছে যদিও বান পৰিস্থিতিৰ বিশেষ উন্নতি সাধন হোৱা পৰিলক্ষিত হোৱা নাই । আনকি চৰকাৰে বানাক্ৰান্ত ৰাইজক সহায় আগবঢ়োৱাৰ সমান্তৰাল ভাৱে বহু দল – সংগঠন আৰু স হৃদয়বান ব্যক্তিয়েও বানাক্ৰান্ত ৰাইজক খাদ্যকে ধৰি বিভিন্ন লাগতিয়াল সামগ্ৰী যোগান ধৰি সহায়ৰ হাত আগবঢ়াই আহিছে । আনহাতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম চৰকাৰৰ ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ অন্তৰ্গত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ চমুকৈ ই টি চিৰ এটা বিষয়া – কৰ্মচাৰীৰ দলে নলবাৰী জিলাৰ বৰভাগ মৌজাত ২৪ জুনত বানাক্ৰান্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰি তেওঁলোকৰ দুখ – দুৰ্দশাৰ বুজ লয় । ই টি চিৰ গাণনিক হেমেন বৈশ্যৰ নেতৃত্বত যোৱা দলটোৱে বৰভাগ ৰাজহ চক্ৰ তথা বৰভাগ মৌজাৰ বানত অধিক ক্ষতিগ্ৰস্ত কমাৰকুছিকে ধৰি দাঁতি কাষৰীয়া অঞ্চলৰ প্ৰায় ৩০০ টা পৰিয়ালক চাউল , দাইল , আলু , পিয়াজ , বিশুদ্ধ পানীকে ধৰি কিছু নিত্য ব্যৱহার্য সামগ্ৰী বিতৰণ কৰে । আনহাতে দুৰ্যোগৰ সময়ত এনে ধৰণৰ সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ পৰিচয় দিয়া বাবে কমাৰকুছিৰ গাওঁবুঢ়াকে ধৰি তাৰ স্থানীয় ৰাইজে হেমেন বৈশ্যকে ধৰি ই টি চিৰ বিষয়া – কৰ্মচাৰীৰ দলটোক ধন্যবাদ জ্ঞাপন কৰিছে ।