কলিংগ সাহিত্য উৎসৱে পোনপ্ৰথমবাৰৰ বাবে অসমত জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক “মামণি ৰয়চম গোস্বামীৰ সাহিত্য আৰু জীৱন” সন্দৰ্ভত এক অনুষ্ঠান আয়োজন কৰিছে। অহা ১২ জুন দেওবাৰে বিয়লি ৪ বজাত কলিংগ সাহিত্য উৎসৱৰ “ভৱ সংবাদ শীৰ্ষক অনুষ্ঠানত মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত বিশদ আলোকপাত কৰা হ’ব। কলিংগ সাহিত্য উৎসৱৰ এই “ভৱ সংবাদ” শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকিব ছয়গৰাকী বিশিষ্ট সাহিত্যিক। বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী, বিশিষ্ট লেখক – সমালোচক অধ্যাপক ডঃ মৃদুল শৰ্মা , বিশিষ্ট লেখিকা ডঃ ৰত্নোত্বমা দাস বিক্ৰম, অধ্যাপিকা অংকুমানি দাস আৰু লেখক জিতুল বৰা।
উল্লেখযোগ্য যে, যুৱ লেখক জিতুল বৰাই আঁতধৰিব লগীয়া অনুষ্ঠানটিত “মামনি ৰয়ছম গোস্বামীৰ জীৱন আৰু কৰ্মৰাজি”ৰ ওপৰত আলোকপাত কৰা হ’ব। কলিংগ সাহিত্য উৎসৱৰ সঞ্চালক ৰশ্মি ৰঞ্জন ফাৰিদা আৰু সহঃ সঞ্চালকদ্বয় আশুতোষ কুমাৰ ঠাকুৰ আৰু চিতাংশু মহাপাত্ৰই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা মতে, অহা ১২ জুন ৰবিবাৰে বিয়লি ৪ বজাত কলিংগ সাহিত্য উৎসৱৰ ৱেৱচাইট, ফেচবুক পেজ, ইউটিউব আৰু কো’ যোগে “ভৱ সংবাদ” শীৰ্ষক অনুষ্ঠানটি পোনপটীয়া সম্প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটোত বিশিষ্ট লেখক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ প্ৰানজিৎ বৰাই মামনি ৰয়ছম গোস্বামীক উপন্যাসিক হিচাপে আলোচনা আগবঢ়াব, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক তথা সমালোচক অৰিন্দম বৰকটকীদেৱে মামনি ৰয়ছম গোস্বামীৰক গল্পকাৰ-কবি হিচাপে এক চমু আলোকপাত কৰিব।
দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা তথা বিশিষ্ট লেখিকা ডঃ ৰত্নোত্বমা দাস বিক্ৰমে মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত আংগিক , চিত্ৰকল্প ইত্যাদি বিষয়ত আলোচনা আগবঢ়াব। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় অধ্যাপক তথা লেখক-সমালোচক ডঃ মৃদুল শৰ্মাই মামনি ৰয়ছম গোস্বামীৰ উপন্যাস, গল্প আৰু কবিতাত নিম্ন বৰ্গৰ অথাৎ সাধাৰন জনতাৰ জীৱন গাঠা সন্দৰ্ভত। বিশিষ্ট লেখিকা তথাকুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ অংকুমানি দাসে মামনি ৰয়চম গোস্বামীৰ ৰচনাত নাৰীৰ চিত্ৰণ আৰু এগৰাকী নাৰীৰ সমাজৰ প্ৰতিমূহুত্বতে পাৰ কৰিব লগা প্ৰত্যাহ্বান সন্দৰ্ভত আলোচনা আগবঢ়াব।
লেখক জিতুল বৰাই মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত পূৰুষ চৰিত্ৰ চিত্ৰন সন্দৰ্ভত আলোকপাত কৰিব। কলিংগ সাহিত্য উৎসৱৰ এনে পদক্ষেপক অসমৰ বিভিন্ন মহলে আদৰনি জনাইছে। কলিংগ সাহিত্য উৎসৱৰ কৰ্তৃপক্ষই জনাইছে যে, অহা নৱেম্বৰ মাহত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত এক অনুষ্ঠান আয়োজন কৰা হ’ব।