বিগত ২৪ঘন্টাত ভাৰতত ৫৮হাজাৰ ৭৭গৰাকী লোকৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ বিপৰীতে সুস্থ হৈ উভতিছে ডেৰলাখ লোক। ২৪ঘন্টাত ভাৰতত ৬৫৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে।
বৰ্তমানলৈ ভাৰতত কোৰোনাই প্ৰাণ লৈছে ৫লাখ ৭হাজাৰ লোকৰ। বৰ্তমানো দেশত ৬লাখ ৯৭হাজাৰ ৮০২গৰাকী ৰোগী চিকিতসাধীন হৈ আছে।