কভিদ-১৯: এব্বটে লাভ কৰিলে চি ই মাৰ্ক

সোমবাৰে এব্বটেই আই ভি দি নিৰ্দেশ অনুসৰি চি ই মাৰ্ক লাভ কৰাৰ কথা ঘোষণা কৰে। এইটো এটা প্ৰৰীক্ষাগাৰ ভিত্তিক চেৰৌলজি তেজ পৰীক্ষা যিটোৱে এন্টিবডি, আই জি জি ৰ ধৰা পেলায়। ই যদি এজন ব্যক্তিৰ দেহত নভেল কৰোনা ভাইৰাছ (Covid-19) থাকে সেইটো চিনাক্ত কৰে। যদি কোনো এজন ব্যক্তি পূৰ্বেই সংক্ৰমিত হয় তেন্তে পিছৰ পৰ্যায়ত এন্টিবডি পৰীক্ষা কৰাতো প্ৰয়োজন। এইক্ষেত্ৰত যদি সিহঁতে ইমিউনিটি প্ৰদান কৰে তেতিয়া এইটোৱে ভাইৰাছৰ বিষয়ে অধিক জানিবলৈ সহায় কৰাৰ লগতে শৰীৰত এন্টিবডিবোৰ কিমান দেৰিলৈ থাকে জনাত সহায় কৰে।এইধৰণৰ জ্ঞানে চিকিৎসা আৰু ভেকচিন উন্নতি কৰনত সহায় কৰে। ভাৰতৰ এব্বট দাইগ্নষ্টিক ব্যবসায়ৰ দেশীয় মূৰব্বী আৰু জেনেৰেল মেনেজাৰ নৰেন্দ্ৰ ভাৰ্দে কয় যে, এব্বটে পৃথিৱীব্যাপী সহায় কৰিবলৈ যিমানদূৰ সম্ভৱ অকলশৰীয়াকৈ কভিদ-১৯ ৰ পৰীক্ষাক সকলোৰে মাজলৈ নিবলৈ চেষ্টা কৰি আহিছে।এব্বট SARS-CoV-2 এল জি জি পৰীক্ষাই এল জি জি এন্টিবডি চিনাক্ত কৰে। এইটো এটা প্ৰোটিন যিটো শৰীৰত সংক্ৰমনৰ শেষ পৰ্যায়ত সৃষ্টি হয় আৰু এইটো মানুহৰ দেহত আৰোগ্য হৈ উঠাৰ পিছত মাহ আৰু বছৰ পৰ্য়ন্ত থকাৰ সম্ভাৱনা থাকে৷ এব্বটৰএল জি জি এন্টিবডি পৰীক্ষাৰ প্ৰথম পৰ্যায়ত ইয়াৰ আৰ্কিটেক i1000SR আৰু i2000SR পৰীক্ষা গাৰত উপলব্ধ ৷

By asombatori

Leave a Reply

Your email address will not be published. Required fields are marked *