ক’ভিড কালত ৮ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সম্পত্তি ২১ শতাংশলৈ বৃদ্ধি

২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষত কোৰোনা মহামাৰীৰ ফলত লকডাউনৰ পিছত কৰ্মসংস্থাপন হেৰুওৱা বা দৰমহা হ্ৰাস হোৱাৰ ফলত দেশবাসী উপাৰ্জন হ্ৰাস পায়। কিন্তু একে সময়তে, দেশৰ ৮ টা মুখ্য ৰাষ্ট্ৰীয় দলৰ সম্পত্তি দ্ৰুত হাৰত বৃদ্ধি পায়। ২০২০-২১ বৰ্ষত এই আঠটা ৰাজনৈতিক দলৰ সম্পত্তি আছিল ৭২৯৭.৬১৮ কোটি টকা, যি পৰৱৰ্তী বছৰ ২০২১-২২ বৰ্ষত ৮৮২৯.১৫৮ কোটি টকালৈ বৃদ্ধি পায়। অৰ্থাৎ মাত্ৰ এবছৰত এই দলবোৰৰ সম্পত্তি প্ৰায় ২১ শতাংশ বৃদ্ধি পায়। নিৰ্বাচনী সংস্কাৰৰ ওপৰত কাম কৰা সংগঠন এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে এই তথ্য প্ৰকাশ কৰিছে। এ ডি আৰে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত ৮ টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সম্পত্তি আৰু দায়বদ্ধতা পৰ্যালোচনা কৰি প্ৰতিবেদন প্ৰকাশ কৰিছে। এই আঠটা ৰাজনৈতিক দলৰ ভিতৰত আছে বিজেপি, কংগ্ৰেছ, এনচিপি, বিএছপি, চিপিআই, চিপিআই, টিএমচি আৰু এনপিইপি। এডিআৰে তেওঁলোকৰ প্ৰতিবেদনত কয়-২০২০-২১ বৰ্ষত, বিজেপিয়ে ৪,৯৯০.১৯৫ কোটি টকাৰ মুঠ সম্পত্তি ঘোষণা কৰিছিল, যি ২০২১-২২ বৰ্ষত ২১.৭ শতাংশ বৃদ্ধি হৈ ৬,০৪৬.৮১ কোটি টকা লৈ বৃদ্ধি পাইছিল । সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছে ২০২০-২১ বৰ্ষত ৬৯১.১১ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছিল, যি ২০২১-২২ বৰ্ষত ১৬.৫৮ শতাংশ বৃদ্ধি হৈ ৮০৫.৬৮ কোটি টকালৈ বৃদ্ধি পাইছিল। এ.ডি.আৰ.-ৰ প্ৰতিবেদন অনুসৰি, বহুজন সমাজ পাৰ্টি হৈছে একমাত্ৰ ৰাষ্ট্ৰীয় দল যাৰ সম্পত্তি এই সময়ছোৱাত হ্ৰাস পাইছে। ২০২০-২১ বৰ্ষত, বিএছপিৰ মুঠ সম্পত্তি আছিল ৭৩২.৭৯ কোটি টকা, যি ২০২১-২২ ত ৬৯০.৭১ কোটি টকালৈ হ্ৰাস পাইছিল। টিএমচিৰ সম্পত্তি ২০২০-২১ বৰ্ষত ১৮২.০০১ কোটি টকাৰ পৰা ২০২১-২২ বৰ্ষত ৪৫৮.১০ কোটি টকালৈ বৃদ্ধি হৈছে, যি হৈছে ১৫১.৭০ শতাংশ বৃদ্ধি। টিএমচিৰ সম্পত্তিত আটাইতকৈ দ্ৰুত হাৰত বৃদ্ধি পায়।এডিআৰে প্ৰতিবেদনত এই ৰাষ্ট্ৰীয় দলবোৰৰ দায়বদ্ধতাৰ কথাও উল্লেখ কৰিছে। প্ৰতিবেদন অনুসৰি, এই আঠটা দলৰ ২০২০-২১ বৰ্ষত ১০৩.৫৫৫ কোটি টকাৰ দায়বদ্ধতা আছিল, যাৰ ভিতৰত সৰ্বাধিক ৭১.৫৮ কোটি টকা কংগ্ৰেছৰ ওচৰত আছিল। চিপিএমৰ ১৬.১০৯ কোটি টকাৰ বকেয়া আছিল। ২০২১-২২ বৰ্ষত, কংগ্ৰেছৰ দায়বদ্ধতা ৪১.৯৫ কোটি টকালৈ হ্ৰাস পাইছিল, আনহাতে চিপিএমৰ দায়বদ্ধতা ১২.২১ কোটি টকালৈ হ্ৰাস পাইছিল। বিজেপিৰ ৫.১৭ কোটি টকাৰ বকেয়া আছিল। অৰ্থাৎ, কংগ্ৰেছৰ দায়বদ্ধতা এবছৰত ২৯.৬৩ কোটি টকা হ্ৰাস পাইছে। বিজেপিৰ দায়বদ্ধতা ৬.০৩৫ কোটি টকা, চিপিএমৰ ৩.৮৯৯ কোটি টকা, টিএমচিৰ দায়বদ্ধতা ১.৩০৬ কোটি টকা হ্ৰাস পাইছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *