কপালত ফোট, পিন্ধনত চুৰিদাৰ! প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল প্ৰেমিক যুৱক

যুৱতীৰ দৰে সাজি-কাছি প্ৰেয়সীৰ হৈ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল এজন যুৱক। এনে এক আজৱ ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ ফৰিদকোটত। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৃত অংগৰেজ সিং নামৰ যুৱকজনে যুৱতীৰ দৰেই ছেলোৱাৰ-কামিজ পৰিধান কৰি আৰু মেক-আপ লগাই প্ৰেয়সী পৰমজিৎ কৌৰৰ হৈ বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুষ্ঠিত বহুমুখী স্বাস্থ্য কৰ্মী নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত অনুষ্ঠিত হোৱা এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আনকি যুৱতীৰ সাজত ফটো সম্বলিত ভুৱা আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ডো ব্যৱহাৰ কৰিছিল অংগৰেজ সিঙে। কিন্তু পৰীক্ষা হলৰ বায়’মেট্ৰিক মেছিনত প্ৰকৃত প্ৰাৰ্থী অৰ্থাৎ প্ৰেয়সী পৰমজিৎ কৌৰৰ আঙুলিৰ ছাপৰ সৈতে যুৱকজনৰ আঙুলিৰ ছাপ মিল নোহোৱাত পোহৰলৈ আহে সমগ্ৰ কাণ্ড।

এই ঘটনাৰ পিছতে অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে বিশ্ববিদ্যালয় প্ৰশাসনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিয়ে এগৰাকী আৰক্ষী বিষয়াই। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে যুৱকজনে নিজকে যুৱতী সজাবলৈ অলপো ক্ৰুটি ৰখা নাছিল। যুৱতীৰ দৰেই সাজ-পোছাক পৰিধান কৰাৰ উপৰিও মেক-আপ আৰু কপালত ফোট লৈছিল অংগৰেজ সিঙেও।

আৰক্ষী বিষয়াগৰাকীয়ে কয় যে বায়’মেট্ৰিক মেছিনৰ জৰিয়তে এই সমগ্ৰ কাণ্ড পোহৰলৈ নহা হ’লে অংগৰেজ সিং যে পৰমজিৎ কৌৰ নহয়, সেয়া অনুমান কৰাটো যথেষ্ট কঠিন হ’লহেঁতেন। ইফালে বাবা ফৰিদ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ ৰাজীৱ ছুদে কয় যে এই নিযুক্তি পৰীক্ষাৰ প্ৰকৃত প্ৰাৰ্থী আছিল ফাজিলকাৰ বাসিন্দা পৰমজিৎ কৌৰ। কিন্তু প্ৰেয়সীক পৰীক্ষাত উত্তীৰ্ণ কৰোৱাৰ বাবেই প্ৰেমিক অংগৰেজ সিঙে এইদৰে যুৱতীৰ ভেশ লৈ পৰীক্ষা দিবলৈ আহিছিল।

উল্লেখ্য যে, ৭ জানুৱাৰীত অনুষ্ঠিত হোৱা বহুমুখী স্বাস্থ্যকৰ্মীৰ ৮০৬টা খালী পদৰ নিযুক্তি পৰীক্ষাত প্ৰায় ৭,২০০ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *