কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ সভাৰাম কলিতাক সম্বৰ্ধনা

সদ্য সমাপ্ত খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী উপলক্ষে কটন কলেজৰ ভুতত্ব বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক , গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ হাওৰাপাৰ নিবাসী , বিশিষ্ট সমাজকর্মী ডঃ সভাৰাম কলিতাক তেওঁ খানামুখ লক্ষ্মী পূজাৰ লগতে বৃহত্তৰ খানামুখ অঞ্চলৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে আজি পূজা উদযাপন সমিতিয়ে তেওঁক নিজ বাসগৃহত সম্বৰ্ধনা জনায় । সমিতিৰ সভাপতি সত্য ভৰালী , উপ সভাপতি অনিল বৈশ্য , সাধাৰণ সম্পাদক তপন ঠাকুৰীয়া , সহকাৰী সম্পাদকদ্বয় ধীৰাজ কলিতা ( দুলু ) আৰু পংকজ কলিতাই ডঃ সভাৰাম কলিতাক এখন মানপত্ৰ , গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰে । উল্লেখযোগ্য যে খানামুখ শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি ৮ অক্টোবৰৰ নিশা খানামুখ খেলপথাৰত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত শাৰীৰিক অসুস্থততাৰ বাবে ডঃ কলিতাই উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁক আজি পূজা উদযাপন সমিতিয়ে নিজ বাসগৃহত সম্বৰ্ধনা জনায় । উল্লেখযোগ্য যে খানামুখ , ধাৰাপুৰকে ধৰি পশ্চিম গুৱাহাটীৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আৰু কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু ৰাজ্যৰ এগৰাকী বিশিষ্ট ভূতত্ত্ব বিজ্ঞানী ডঃ সভাৰাম কলিতাই ২০০১ চনত বৰ্ণিল অধ্যাপনা জীৱন সামৰি অৱসৰ গ্ৰহণ কৰিছিল ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *