মালয়েচিয়ান পাম অইল কাউন্সিলে(এমপিঅচি) প্ৰথিতযশা গুৰু নানক ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টত আয়োজিত যুৱ প্ৰসাৰ কাৰ্যসূচীৰ সফল সমাপ্তি ঘটিছে। এই অনুষ্ঠানটোৱে ৰন্ধন সৃষ্টিত এক অন্যতম উপাদান হিচাপে তৈলপামৰ ব্যতিক্ৰমী বহুমুখীতা আৰু স্বাস্থ্যৰ লাভালাভক প্ৰৌজ্বল কৰি তুলিছিল। উদীয়মান বা নৱাগত ৰন্ধন প্ৰতিভাসমূহক অভিজ্ঞ ব্যক্তিসকলৰ সৈতে একত্ৰিত কৰি এই ইভেণ্টটোৱে ব্যাপক প্ৰশংসা লাভ কৰে।
“এমেচাৰ” আৰু “এক্সপাৰ্ট” শিতানত বিভক্ত এই প্ৰতিযোগিতাত ৪০গৰাকীপৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। “এমেচাৰ” শিতানত অংশগ্ৰহণকাৰীসকলে ১ ঘণ্টা ৩০ মিনিটৰ বাবে নিজৰ ৰান্ধনশৈলীৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়া হৈছিল। আনহাতে “এক্সপাৰ্ট” শিতানটো তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ৰূপত ডিজাইন কৰা হৈছিল, য’ত নিৰামিষ ষ্টাৰ্টাৰ, আমিষ মূল ব্যঞ্জন আৰু আনুষংগিক খাদ্য প্ৰস্তুত কৰিবলৈ দিয়া হৈছিল।
এই চেলেঞ্জে ছাত্ৰ-ছাত্ৰীসকলৰ এক সুষম, সু-সন্তুলিত আহাৰ সৃষ্টি কৰাৰ ক্ষমতাক গুৰুত্ব আৰোপ কৰিছিল, য’ত পাম অইল এটা মূল উপাদান আছিল। এই অনুষ্ঠানত জড়িত হোৱাৰ কথা উৎসাহেৰে ব্যক্ত কৰি গুৰু নানক ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টে কয় যে, “মাষ্টাৰ চেফ প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে তৈলপাম ব্যৱহাৰ কৰা শিক্ষাৰ্থীসকলৰ জ্ঞান আৰু দক্ষতা প্ৰদৰ্শিত হৈছিল। এয়া আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এটা ডাঙৰ শিক্ষণ অভিজ্ঞতা আছিল। ভৱনাজী আৰু মালয়েছিয়ান পাম অইল কাউন্সিল পুনৰ এবাৰ ধন্যবাদ।”