এমএছডিই-য়ে অংশীদাৰীত্ব কৰে ইউএন ওমেনৰে

দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে (MSDE) দক্ষতা বিকাশ, নিয়োগযোগ্যতা আৰু উদ্যোগৰ ক্ষেত্ৰত লিংগ সমতা আগবঢ়োৱাৰ বাবে ৰাষ্ট্ৰসংঘৰ সংস্থা ইউএন ওমেনে (UN women)ৰ  সৈতে এক অংশীদাৰীত্ব কৰিছে। এই কাৰ্যসূচীৰ অধীনত, অহা পাঁচ সপ্তাহৰ ভিতৰত এমএছডিইৰ বিষয়াসকলৰ ক্ষমতা নিৰ্মাণৰ বাবে এক শৃংখলাবদ্ধ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব।

প্ৰশিক্ষণটোত যৌন উৎপীড়ন কি কেৱল তাৰে এক স্পষ্ট সংজ্ঞা প্ৰদানকে ধৰি অভিযোগ প্ৰক্ৰিয়াটোৱে কেনেদৰে কাম কৰে তাৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যও প্ৰদান কৰিব। এই পদক্ষেপটো মহিলাসকলৰ বাবে এক সুৰক্ষিত কৰ্মস্থান গঢ়ি তোলাৰ বাবে সক্ৰিয় পদক্ষেপ লোৱাৰ এমএছডিইৰ প্ৰচেষ্টাৰ এক অংশ আৰু দেশৰ সামগ্ৰিক বিকাশৰ বাবে মহিলাসকলক অৰ্থনৈতিক এজেণ্ট আৰু সমান অংশীদাৰ হিচাপে শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।

এই পদক্ষেপৰ প্ৰশংসা কৰি দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী কৃষ্ণ কুমাৰ দ্বিবেদীয়ে কয় যে যিহেতু মহিলাসকলে বহু পুৰণি পুৰুষতান্ত্ৰিক মতবাদক নাকচ কৰিছে আৰু চাকৰিত আগ-ভাগ লৈছে, তেনে ক্ষেত্ৰত তেওঁলোকক আৰ্থিকভাৱে শক্তিশালী কৰাৰ আৱশ্যকতা আছে, যাতে তেওঁলোকে কৰ্মক্ষেত্ৰত যিকোনো ধৰণৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰে।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *