এফআইএম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপ হৈছে এছিয়াৰ আটাইতকৈ প্ৰতিযোগিতাপূৰ্ণ মটৰচাইকেল ৰেচ

হোণ্ডা মটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ আইডিএমইটিএছইউ হোণ্ডা ৰেচিং ইণ্ডিয়া দলে এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপ ২০২৩ৰ তৃতীয় ৰাউণ্ডৰ বাবে সাজু হৈছে। জাপানৰ স্পৰ্টছলেণ্ড এছইউজিঅ’ ইণ্টাৰনেচনেল চাৰ্কিটত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব ভাৰতীয় দলটোৱে। এই এফআইএম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপ ২০২৩ত ১১ পইণ্ট লাভ কৰিছিল হোণ্ডা ৰেচিং ইণ্ডিয়াই আৰু এছিয়া প্ৰডাকচন ২৫০ চিচিত অংশীদাৰিত্ব বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । উল্লেখ্য যে, ২৬ সংখ্যক এফআইএম এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপ হৈছে এছিয়াৰ সৰ্বাধিক প্ৰতিযোগিতামূলক মটৰচাইকেল ৰোড ৰেচিং চেম্পিয়নশ্বিপ।

উল্লেখযোগ্য যে, ২০২৩ চনৰ ছিজনত ছটা ৰাউণ্ড অনুষ্ঠিত হ’ব, ইয়াৰে তৃতীয় ৰাউণ্ডৰ প্ৰতিযোগিতা জাপানৰ স্প’ৰ্টছলেণ্ড ছুগো ইণ্টাৰনেচনেল চাৰ্কিটত অনুষ্ঠিত হ’ব। ইয়াৰ বিপৰীতে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ ৰাউণ্ড ক্ৰমে ইণ্ডোনেছিয়া, চীন আৰু থাইলেণ্ডত অনুষ্ঠিত হ’ব। এছিয়া ৰোড ৰেচিং চেম্পিয়নশ্বিপৰ তৃতীয় ৰাউণ্ডৰ বাবে যথেষ্ট উৎসাহিত কভিন সমাৰ কুইণ্টল।

 স্পৰ্টছলেণ্ড ছুগো ইণ্টাৰনেচনেল চাৰ্কিটত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন প্ৰদৰ্শন কৰাৰ লক্ষ্য  কভিন সমাৰ কুইণ্টলৰ। পূৰ্বৰ ভুলসমূহৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ বাবে অনুশীলনত নিজকে সপি দিছে আৰু তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক প্ৰতিযোগিতাখনত সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈছে। উল্লেখ্য যে, হোণ্ডা ইণ্ডিয়া টেলেণ্ট কাপৰ জাপান ৰাউণ্ডৰ সময়ত আঘাতৰ বাবে অংশগ্ৰহণ কৰিব নোৱাৰিলে কভিন সমাৰ কুইণ্টলে। এই সন্দৰ্ভত হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াৰ বিক্ৰী আৰু বিপণন বিভাগৰ ডাইৰেক্টৰ যোগেশ মাথুৰে কয় যে, “মই নিশ্চিত যে আমাৰ আইডিএমইটিএছইউ হোণ্ডা ৰেচিং ইণ্ডিয়া দলটোৱে এই ৰাউণ্ডত স্থান উন্নীত কৰাৰ বাবে সৰ্বোচ্চ প্ৰয়াস কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *