এনিহুৱেৰজবছ আৰু কাৰ্গোজিঅ’ৰ সৈতে সহযোগিতা কৰিছে এন এছ ডি চি ইণ্টাৰনেচনেলে

এনএছডিচিৰ ১০০% সহায়ক প্ৰতিষ্ঠান এনএছডিচি ইণ্টাৰনেচনেলে দক্ষ ভাৰতীয়সকলক ইউৰোপত কাম কৰাৰ প্ৰাসংগিক দক্ষতা আৰু সুযোগ প্ৰদান কৰাৰ বাবে এনিহুৱেৰজবছ আৰু কাৰ্গোজিঅ’ৰ সৈতে অংশীদাৰিত্ব কৰিছে, যাৰ লক্ষ্য হৈছে উচ্চাকাংক্ষী ট্ৰেইলাৰ চালকসকলৰ বাবে সমগ্ৰ পৃথিৱীতে সুযোগ সৃষ্টি কৰা।

এনএছডিচিআই, এনিহুৱেৰজবছ আৰু কাৰ্গোজিঅ’ৰ মাজৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দক্ষ ট্ৰেইলাৰ চালকসকল আৰু ইউৰোপীয় বজাৰত পৰিবহণ পেছাদাৰীসকলৰ ক্ৰমবৰ্ধমান চাহিদাৰ মাজৰ ব্যৱধান ক্ৰমান্বয়ে দূৰ কৰা। ২০২৩ চনৰ ১৮ ছেপ্টেম্বৰত ৰাজস্থানৰ আজমেৰত প্ৰথমখন ইউৰোপীয়ান-ফকাছড ড্ৰাইভাৰ ট্ৰেইনিং স্কুল মুকলি কৰা হ’ব, য’ত তিনিওটা সংস্থাৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত ৰাজস্থানৰ ২০জন চালকক ইউৰোপীয় চালকৰ নিয়োগ অভিযানো অনুষ্ঠিত হ’ব। ২০২৩ চনৰ ১৯ ছেপ্টেম্বৰত নতুন দিল্লীস্থিত এনএছডিচিৰ মুখ্য কাৰ্যালয়ত এনএছডিচিৰ মুখ্য কাৰ্যবাহী বিষয়া তথা এনএছডিচি ইণ্টাৰনেচনেলৰ এম ডি বেদমণি তিৱাৰী, এনিহুৱেৰজবছৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া দীপক গাৰ্গ  আৰু কাৰ্গোৰ চীফ ড্ৰাইভাৰ অফিচাৰ প্ৰানছ পেৰ্নাৰাভিচিউছে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব।

এই অংশীদাৰিত্বৰ বিষয়ে উল্লেখ কৰি এনএছডিচিৰ চি ই অ’ তথা এনএছডিচি ইণ্টাৰনেচনেলৰ এম ডি বেদমণি তিৱাৰীয়ে কয় যে, “এই সহযোগিতাৰ জৰিয়তে আমাৰ অভিজ্ঞ অংশীদাৰ— এনিহুৱেৰজবছ আৰু কাৰ্গোজিঅ’ৰ সৈতে আমি এনে এক পৰিৱেশ তন্ত্ৰৰ কল্পনা কৰিছো য’ত আমাৰ দক্ষ প্ৰাৰ্থীসকলক অভাৱনীয় প্ৰস্তাৱ দিয়া হ’ব, যাৰ জৰিয়তে ইউৰোপীয় বজাৰত সম্ভাৱনাৰ সংখ্যা বৃদ্ধি কৰি নিজৰ দক্ষতা আৰু জীৱিকা বৃদ্ধি কৰাৰ সুযোগ প্ৰাপ্ত কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *