এনএফআইআৰৰ  চেকেন্দ্ৰাবাদৰ ৰাষ্ট্ৰীয় অভিবৰ্তনলৈ এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ ১,৫০০ জনীয়া প্ৰতিনিধি দলৰ যাত্ৰা

 ভাৰতীয় ৰেলৱেৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন হিচাপে পৰিগণিত হৈ অহা নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেন চমুকৈ এনএফআইআঁৰৰ ৩০ সংখ্যক ৰাষ্ট্রীয় অভিবৰ্তনখন তিনিদিনীয়া কাৰ্যসূচীৰে অহা ৫ ছেপ্টেম্বৰৰ পৰা ৭ ছেপ্টেম্বৰলৈ অন্ধ্ৰপ্ৰদেশৰ চেকেন্দ্ৰাবাদত অনুষ্ঠিত হব । আনহাতে অভিবৰ্তনত ভাগ লোৱাৰ বাবে এনএফআইআৰৰ স্বীকৃতিপ্ৰাপ্ত সংগঠন তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ  সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন “এন এফ ৰেলৱে এম্পল’য়িজ ইউনিয়নৰ এটা ১,৫০০ জনীয়া প্ৰতিনিধি দল বিশেষ ৰেলেৰে বুধবাৰে  নিশা গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনৰ পৰা যাত্ৰা কৰিছে । বিশেষ ৰেলখন যোৱানিশা ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল  । এনএফআইআৰৰ যুটীয়া সাধাৰণ সম্পাদক আৰু এম্পল’য়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়াৰ নেতৃত্বত যাত্ৰা কৰা দলটোত ইউনিয়নৰ ৫ টা সংমণ্ডল আৰু ৫৫ টা শাখাৰ কৰ্মকর্তা , সদস্যসহ প্ৰায় ১,৫০০ জন প্ৰতিনিধিয়ে এনএফআইআৰৰ ৰাষ্ট্ৰীয় অভিবৰ্তনত ভাগ লব । আনহাতে  এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মনে জানিবলৈ দিয়া মতে ৫ ছেপ্টেম্বৰত পুৱা ১০ বজাত আৰম্ভ হবলগীয়া অভিবৰ্তনখনৰ ৭ ছেপ্টেম্বৰৰ নিশা সামৰণি পৰিব । ইয়াৰ উপৰি অভিবৰ্তনত নতুন পেন্সন নীতি বাতিল কৰা ,অষ্টম বেতন আয়োগ গঠন কৰা , ৰেলৱেৰ ব্যক্তিগতকৰণ কৰা কাৰ্য  বন্ধ কৰা , ৰেলৱেৰ খালী পদৰ বিপৰীতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ দাবী  সন্দৰ্ভত  আলোচনা কৰা হব ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *