এজাক মুষলধাৰ বৰষুণত ডুবিল গুৱাহাটী

53

বৰ্তমান সময়ছোৱাত ৰাজ্যৰ ২৯ খন জিলা আহাৰমহীয়া বানত প্লাবিত হৈ আছে। বানৰ ফলত ৰাজ্যত মৃতকৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। দৈনিক ন ন অঞ্চল বানত প্লাবিত হ’বলৈ ধৰিছে। উজনিৰ পৰা নামনিলৈ বানৰ ভয়াবহৰূপ। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ এজাক নেৰা নেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী কৃত্ৰিম বানৰ কবলত পৰিছে। মহানগৰীৰ চৌদিশে কৃত্ৰিম বানৰ সংহাৰীৰূপ। হাহাকাৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰীত। নিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ মাজমজিয়াত এতিয়া সাগৰ সদৃশ পৰিৱেশ। কৃত্ৰিম বানত বুৰ গৈছে বিভিন্ন অঞ্চল। হাতীগাওঁ, ৰাজগাড়, চানমাৰী, অনিল নগৰ, নবীন নগৰ, লাচিত নগৰ, জি এছ ৰোডৰ বহু অঞ্চল বানত বুৰ গৈছে। ইয়াৰ মাজতে মহানগৰীৰ আঠমাইলৰ গাৰো বস্তিত এক শোকাবহ ঘটনা সংঘটিত হয়। শুই থকা অৱস্থাতে ঘৰত পাহাৰৰ মাটি খহি মাতৃ-পুত্ৰৰ মৃত্যুৰ কৰুণ ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে। ইফালে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। কিয়নো ব্ৰহ্মপুত্ৰৰ বৃদ্ধি পাবলৈ ধৰা জলস্তৰে গুৱাহাটী মহানগৰলৈও ভাবুকি কঢ়িয়ায় আনিছে। ইতিমধ্যে মহানগৰীখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ফেৰীঘাটসমূহ পানীত বুৰ গৈছে। ফাঁচী বজাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু কালীপুৰৰ চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ণৰ মূৰ্তিৰ ভালেখিনি অংশও বাঢ়নী পানীয়ে ঢাকি ধৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বাতিল কৰিছে।