গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত এচ,ও,এচ শিশুগাঁওত ৯ আৰু ১০ মে’ত দুদিনীয়া কাৰ্য্যসূচীৰে আন্তৰ্জাতিক মাতৃদিৱস পালন কৰা হয়। এই উপলক্ষে ৯ মে’ৰ সন্ধিয়া শিশুসকলে এক সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে আৰু এচ, ও, এচ শিশুগাওঁৰ মাতৃসকলৰ পাৰদৰ্শিতা অনুসৰি উপাধিৰে বিভূষিত কৰে। ১০ মে’ৰ পূৱা সংস্থাৰ প্ৰতিস্থাপক ডা: হাৰমন মাইনৰৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণৰে কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত শিশু জ্যোতিস্মিতাই আদৰণী গীত পৰিবেশন কৰে আৰু সঞ্চালক সুবোধ দাসে আন্তৰ্জাতিক মাতৃদিৱসৰ তাৎপৰ্য বাখ্যাৰ লগতে এচ, ও, এচ ৰ মাতৃসকলৰ মহান কাৰ্যৰ শলাগ লয়। অনুষ্ঠানত সংগঠনৰ সভাপতি ৰাকেশ জিঞ্চিৰ লিখিত শুভেচ্ছা বাৰ্তা পাঠ কৰে বিশেষ কৰ্তব্যৰক্ষী বিষয়া মালিকা চাদ্ধাই । আনহাতে অনুস্থানত মূখ্য অতিথি হিচাপে ভাগ লৈ উজানবজাৰ চৰকাৰী ছোৱালী হাইস্কুলৰ শিক্ষয়িত্ৰী তথা এগৰাকী সফল মাতৃ দেৱাহুতী গোস্বামীয়ে এচ, ও, এচ সংগঠনে আৰু বিশেষকৈ মাতৃসকলে শিশুসকলৰ জীৱন গঢ়াৰ ক্ষেত্রত কৰা অক্লান্ত পৰিশ্ৰমৰ ভূয়সী প্ৰশংসা কৰে আৰু প্ৰতিগৰাকী মাতৃলৈ উপহাৰৰ টোপোলা আগবঢ়ায়। দুপৰীয়া মাতৃসকলক প্ৰাকৃতিক পৰিৱেশেৰে সমৃদ্ধ অসম-মেঘালয় সীমান্তৰ চানডুবিৰ কাষৰীয়া ৰাণীখামাৰলৈ লৈ যোৱা হয়। সন্ধিয়াৰ সময়ত শিশুসকলে মাতৃসকলক চাকি , বন্তি জ্বলাই , ফূল চতিয়াই ঘৰলৈ আদৰি আনে।