এচিলোৰ® ৰ নতুন ব্ৰেণ্ড এম্বেছাদৰ ক্ৰিকেটাৰ বিৰাট কোহলি

সমগ্ৰ পৃথিৱীৰ প্ৰেছক্ৰিপচন লেন্সৰ ক্ষেত্ৰত আগশাৰীৰ ব্ৰেণ্ড এচিলোৰে® ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ঘোষণা কৰিছে কিংবদন্তি ক্ৰিকেটাৰ তথা গোলকীয় ক্ৰীড়া তাৰকা বিৰাট কোহলিক।

এচিলোৰ®  হৈছে চকুৰ লেন্স উদ্যোগৰ আগশাৰীৰ প্ৰতিষ্ঠান। এচিলোৰে® বিশ্বব্যাপী গ্ৰাহকৰ প্ৰয়োজনীয়তা আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ সৈতে মোকাবিলা কৰিবলৈ এক কৌশলগত অংশীদাৰীত্ব গঢ়ি তুলিছে। জীৱন্ত কিংবদন্তি আৰু কোটি কোটি লোকৰ বাবে আদৰ্শ বিৰাট কোহলিয়ে ব্যতিক্ৰমী প্ৰদৰ্শনৰ মানদণ্ড আৰু কৰ্মনীতিৰে ক্ৰিকেট জগতৰ শীৰ্ষত আছে, ২০০৮ চনত ভাৰতৰ ১৯ বছৰ অনুৰ্ধ্ব দলক বিশ্বকাপ জয়ৰ দিশত বিশেষ অৰিহণা আগবঢ়োৱা দিনৰ পৰা প্ৰতিদিনে নিজৰ ক্ৰীড়ানৈপুণ্য অব্যাহত ৰাখিছে। এচিলোৰ®ৰ সৈতে নিজৰ নতুন ইনিংছৰ বিষয়ে উল্লেখ কৰি বিৰাট কোহলিয়ে কয় যে, “এচিলোৰৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰ লগে লগে বহু কথা মই শিকিছোঁ আৰু মোক চকুৰ যতন আৰু ব্যক্তিগত দৃষ্টিশক্তিৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ প্ৰতিটো লেন্স কিদৰে পৃথক সেই বিষয়ে অধিক জানিবলৈ সুযোগ প্ৰদান কৰিছে।”

এচিলোৰে®-এ বিৰাট কোহলিক লৈ এক মাল্টি-মিডিয়া প্ৰচাৰ অভিযান আৰম্ভ কৰিব, যিয়ে এচিলোৰ® ব্ৰেণ্ডৰ মূল্য প্ৰস্তাৱক জীৱন্ত কৰি তুলিব। এই প্ৰচাৰ অভিযানত ষ্টেলেষ্ট®, আইজেন® আৰু ভেৰিলাক্স®ৰ দৰে অভিনৱ ব্ৰেণ্ডসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে সকলো বয়সৰ লোকৰ বাবে দৃষ্টি সংশোধিত লেন্স প্ৰদান কৰে। ক্ৰিজেল® এক অদৃশ্য ঢাল, যিয়ে লেন্সক সুৰক্ষিত কৰাৰ লগতে স্পষ্ট দৃষ্টিশক্তিৰ শত্ৰুৰ বিৰুদ্ধে সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰে আৰু পিন্ধা লোকজনৰ দৃষ্টিশক্তি সৰ্বাধিক কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *