এক অনন্য বীমা গীতৰ শুভাৰম্ভণিৰ বাবে সান্নিধ্য ভূঞাৰ সৈতে সহযোগিতা আগবঢ়াইছে এচিকেঅ’ই

ভাৰতৰ আগশাৰীৰ বীমা প্ৰতিষ্ঠান এচিকেঅ’ই অসমৰ জনপ্ৰিয় শিল্পী সান্নিধ্য ভূঞাৰ সৈতে অংশীদাৰিত্ব কৰি এক অনন্য বীমা গীত “বীমা কৰক সুৰক্ষিত থাকক” মুকলি কৰিছে। ৰেপ ফৰ্মেটত উপস্থাপন কৰা এই গীতটোৰ লক্ষ্য হৈছে বীমাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু নৱ প্ৰজন্মক সুৰক্ষা সমাধানত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা।

এই গীতটো প্ৰস্তুতৰ উদ্দেশ্য হৈছে স্বাস্থ্য বীমাৰ গুৰুত্বৰ বিষয়ে সজাগতা বিয়পাই দিয়া আৰু কম বয়সৰ পৰাই অধিক ব্যক্তিক বীমা ক্ৰয় কৰিবলৈ উৎসাহিত কৰা। অসমীয়া দৰ্শকসকলৰ অনন্য প্ৰয়োজন আৰু পছন্দ পূৰণৰ বাবে এক অতি স্থানীয়(হাইপাৰলোকেল) মাৰ্কেটিং কৌশল প্ৰস্তুত কৰিছে আৰু বীমাৰ সুবিধাৰ বিষয়ে সমাজখনক ইয়াৰ সৈতে জড়িত বিভিন্ন দিশসমূহত জ্ঞান প্ৰদান বা সজাগতা বৃদ্ধি কৰিছে। সম্প্ৰতি সান্নিধ্যৰ ইউটিউব চেনেলত উপলব্ধ এই গীতটো গুৱাহাটী, ধুবুৰী, হাফলঙৰ দৰে ডাঙৰ চহৰসমূহকে ধৰি সমগ্ৰ অসমৰ ৰেড এফএমত বাজি থকা এটা আকৰ্ষণীয় জিংগললৈ ৰূপান্তৰিত কৰা হৈছে।

এই বিষয়ে এচিকেঅ’ৰ ব্ৰেণ্ড মাৰ্কেটিঙৰ জ্যেষ্ঠ সঞ্চালক নীতিন খান্নাই কয় যে, “সান্নিধ্য ভূঞাই আমাৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে আগতীয়াকৈ বীমা গ্ৰহণৰ বিষয়ে সজাগতা সৃষ্টিৰ আমাৰ অভিযানক সমৰ্থন কৰে। অসমৰ যুৱক-যুৱতীসকলৰ মাজত বীমাক এক আলোচনাৰ বিষয় হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আমাৰ ‘বীমা কৰক সুৰক্ষিত থাকক’ অভিযানক সান্নিধ্য ভূঞাৰ সৃষ্টিশীলতা আৰু স্থানীয় প্ৰভাৱে শক্তিশালী কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *