ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা মিউচুৱেল ফাণ্ড হাউছ এক্সিছ মিউচুৱেল ফাণ্ডে ভাৰতীয় বিনিয়োগকাৰীসকলৰ মাজত বিপদাশংকা অনুধাৱন কৰাৰ স্তৰ বা মাত্ৰা নিৰ্ধাৰণ কৰিবলৈ এক বিনিয়োগকাৰী সমীক্ষা চলাইছিল। এই সমীক্ষাত সমগ্ৰ দেশৰ পৰা ১,৭০০তকৈও অধিক এক্সিছ এমএফ বিনিয়োগকাৰীৰ পৰা সঁহাৰি লাভ কৰিছিল। এই সমীক্ষাৰ উদ্দেশ্য আছিল মিউচুৱেল ফাণ্ড বিনিয়োগত বিনিয়োগকাৰীসকলৰ মনোভাৱ আৰু বিপদাশংকাৰ বুজাবুজিৰ বিষয়ে অন্তৰ্দৃষ্টি প্ৰাপ্ত কৰা।
এই সমীক্ষাটোত প্ৰকাশ পাইছে যে বিনিয়োগকাৰীসকলে ক্ৰমান্বয়ে নিজৰ ধনৰ মূল্য বৃদ্ধিৰ বাবে বিনিয়োগ কৰাৰ গুৰুত্বৰ বিষয়ে সচেতন হৈছে, যাৰ ফলত মিউচুৱেল ফাণ্ডসমূহ বিনিয়োগৰ পছন্দৰ বিনিয়োগৰ পথত পৰিণত হৈছে। দীৰ্ঘম্যাদী বিনিয়োগ আৰু কম্পাউণ্ডিং(যৌগিক) শক্তিৰ বিষয়ে সচেতন হোৱাৰ পিছতো ৫৯% বিনিয়োগকাৰীয়ে এতিয়াও মিউচুৱেল ফাণ্ডত বিনিয়োগৰ বাবে পূৰ্বৰ প্ৰদৰ্শনক এটা মূল মাপকাঠী হিচাপে বিবেচনা কৰে।
এ এম এফ আইৰ তথ্য অনুসৰি বজাৰৰ কোলাহলে প্ৰায়ে ফলাফল(ৰিডেম্পচন)ত প্ৰভাৱিত কৰে, ২২.২% লোকে ১২-২৪ মাহৰ বাবে বিনিয়োগ কৰে আৰু ৪৮.৭% লোকে দুবছৰ বা তাতকৈ কম সময়ৰ ভিতৰত পুনৰ ক্ৰয় কৰে। এই বিষয়ে এক্সিছ এএমচিৰ এমডি তথা চিইঅ’ বি গোপকুমাৰে কয় যে, “এক্সিছ মিউচুৱেল ফাণ্ডত আমি দায়িত্বশীল বিনিয়োগ অংশীদাৰ হিচাপে আমাৰ ভূমিকাক মূল্য দিওঁ’ যাতে বিনিয়োগকাৰীসকলে বিনিয়োগ যাত্ৰাত সহায় কৰাই নহয়, নিজৰ মিউচুৱেল ফাণ্ড বিনিয়োগৰ বিভিন্ন দিশ বুজিবলৈও সহায় কৰিব পাৰোঁ যাতে তেওঁলোকে সিদ্ধান্তৰ জৰিয়তে চিন্তা কৰিবলৈ আৰু বিত্তীয় লক্ষ্য পূৰণ কৰিবলৈ সুসজ্জিত হ’ব পাৰে।”